বাংলাদেশৰ সৈতে সীমা সমস্যা নিষ্পত্তি হোৱাৰ পাছত উত্তৰ-পূৰ্বাঞ্চলক বিশ্বৰ সৈতে সংযোগ কৰাৰ লক্ষ্যত অতি সোনকালে উপনীত হোৱাটো সম্ভৱ হ’ব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মন্তব্য কৰিছে । কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত শান্তি প্ৰতিষ্ঠাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ ফলত অঞ্চলটোত বিকাশৰ গতি ত্বৰান্বিত হৈছে বুলিও তেওঁ প্ৰকাশ কৰিছে। ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত কালি অনুষ্ঠিত উত্তৰ-পূব পৰিষদৰ ৭২ সংখ্যক পূৰ্ণাংগ বৈঠকত সভাপতিত্ব কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূবৰ উন্নয়নত প্ৰভূত গুৰুত্ব আৰোপ কৰা হৈছে। বিশ্বৰ সৈতে সংযোগ স্থাপনৰ লক্ষ্য পূৰণ হ’লে উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক পৰিস্থিতিতন্ত্র শক্তিশালী হোৱাৰ লগতে এই অঞ্চলটোত বিনিয়োগ কৰা সকলৰ বাবে এখন বিশ্ব বজাৰো মুকলি হ’ব বুলি তেওঁ কয়। উত্তৰ-পূৰ্বাঞ্চল সম্প্ৰতি উন্নয়নৰ দিশেৰে গতি কৰিছে বুলি উল্লেখ কৰি শ্বাহে কয়, যে এই অঞ্চলটোৰ জনজাতীয় আৰু ভাষিক বৈচিত্র্যক পূর্বতে দুর্বল হিচাপে বিবেচনা কৰা হৈছিল যদিও প্রধানমন্ত্ৰী মোদীয়ে অঞ্চলটোৰ উন্নয়নত গুৰুত্ব আৰোপ কৰি ইয়াক শক্তিলৈ ৰূপান্তৰ কৰিলে। কেন্দ্ৰৰ বিজেপি চৰকাৰৰ শাসনকালত ২০ খনতকৈ অধিক চুক্তি স্বাক্ষৰ হোৱাৰ লগতে সহস্রাধিক যুৱকক অস্ত্ৰ সম্বৰণ কৰাই মূলসুঁতিলৈ ঘূৰাই অনাৰ চৰকাৰ সফল হোৱা বুলিও তেওঁ কয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চল সন্দৰ্ভত দিয়া অষ্টলক্ষ্মীৰ ধাৰণাটোক সমগ্ৰ দেশ তথা বিশ্বই এতিয়া আদৰি লোৱা বুলিও শ্বাহে উল্লেখ কৰে। আনহাতে পৰিৱৰ্তিত সময়ৰ সৈতে খোজ মিলাই উত্তৰ-পূৰ্বাঞ্চলৰ আৰক্ষীয়ে কাম-কাজৰ ধৰণৰ পৰিৱৰ্তন কৰাৰো সময় সমাগত বুলি তেওঁ কয়। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ জনসাধাৰণে আৰক্ষীৰ দ্বাৰা ন্যায় যাতে সহজে লাভ কৰিব পাৰে সেই বিষয়ত গুৰুত্ব আৰোপ কৰিবলৈ কালি সভাত উপস্থিত থকা ৰাজ্যপালসকলক গৃহমন্ত্ৰীয়ে আহ্বান জনায়। উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী সমস্যা আৰু বেছিদিন মূল ইচ্ছা হৈ নাথাকিব বুলিও শ্বাহে ভাষণ প্ৰসংগত উল্লেখ কৰে। বৈঠকত অংশগ্ৰহণ কৰি ডনাৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই গৃহমন্ত্ৰী অমিত শ্বাহে গ্ৰহণ কৰা বিভিন্ন প্রচেষ্টাসমূহে অঞ্চলটোত উগ্ৰপন্থীৰ সমস্যা হ্ৰাস কৰাত মুখ্য ভূমিকা লৈছে বুলি মত প্ৰকাশ কৰে। শ্ৰীসিন্ধিয়াই কয়, যে বিগত সময়ত অঞ্চলটোত উগ্ৰপন্থী কার্যকলাপ পূৰ্বৰ তুলনাত ৭১ শতাংশলৈ হ্ৰাস পোৱাৰ লগতে এনে কাৰ্যকলাপৰ মৃত্যুৰ সংখ্যাও ৬০ শতাংশলৈ হ্ৰাস পাইছে।
Site Admin | December 22, 2024 11:34 AM | Amit Shah about Bangladesh Border