August 26, 2024 11:04 AM | Bangladesh

printer

বাংলাদেশৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়টো হৈছে এটা ৰাজনৈতিক সিদ্ধান্ত আৰু অন্তৱৰ্তীকালীন চৰকাৰখন কিমান দিনলৈ শাসনত থাকিব সেয়া জনসাধাৰণে নিৰ্ধাৰণ কৰিবঃ মহম্মদ ইউনুছ

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মূৰববী প্ৰফেচাৰ মহম্মদ ইউনুছে কৈছে যে, সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়টো হৈছে এটা ৰাজনৈতিক সিদ্ধান্ত আৰু এই অন্তৱৰ্তীকালীন চৰকাৰখন কিমান দিনলৈ শাসনত থাকিব সেয়া বাংলাদেশৰ জনসাধাৰণে নিৰ্ধাৰণ কৰিব। বাংলাদেশ টেলিভিছনৰ জৰিয়তে দেশক সম্বোধন কৰি মহম্মদ ইউনুছে এইদৰে কয়। তেওঁ উল্লেখ কৰে যে দেশখনৰ প্ৰশাসন, ন্যায় পালিকা, নির্বাচন আয়োগ, নির্বাচন ব্যৱস্থা তথা আইন-কানুন ক্ষেত্ৰৰ প্ৰয়োজনীয় সংস্কাৰ সাধনৰ পাছতেই বাংলাদেশত নিকা, মুক্ত আৰু অংশগ্রহণমূলক নির্বাচন অনুষ্ঠিত হ’ব। তেওঁ লগতে কয় যে, এই নিৰ্বাচনৰ মূল লক্ষ্য হৈছে দুৰ্নীতি, লুটপাত তথা গণহত্যাৰ বিৰুদ্ধে এটা জবাবদিহি ৰাজনৈতিক ব্যৱস্থা গঢ়ি তোলা । আনহাতে বিদেশ পৰিক্ৰমা সন্দৰ্ভত মূৰববীগৰাকীয়ে কয় যে, তেওঁলোকে সকলো দেশৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পর্ক বজাই ৰাখিব। উমৈহতীয়া বিশ্বাস আৰু সহযোগিতা তেওঁলোকৰ বৈদেশিক নীতিৰ ভেটি হ’ব বুলিও তেওঁ উল্লেখ কৰে। ইপিনে ৰাষ্ট্ৰীয় সংহতিৰ বিষয়ে উল্লেখ কৰি প্ৰফেচাৰ ইউনুছে কয় যে, অন্তৱৰ্তীকালীন চৰকাৰে সংস্কাৰ অনাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ঐক্যৰ ক্ষেত্ৰত বিশ্বাস ৰাখে। তেওঁ কয় যে, ৰাজনৈতিক একতাৰ জৰিয়তে মহিলা, শিশু, দিব্যাংগ, ধৰ্মীয় সংখ্যালঘু আৰু থলুৱা লোকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে তেওঁলোক সকলোৱে যে দেশৰ নাগৰিক আৰু আইন অনুসৰি সকলোৰে সমান সুৰক্ষা লাভ কৰাৰ অধিকাৰ আছে সেয়া নিশ্চিত কৰা হ’ব। ইয়াৰ পূৰ্বে বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ সাধাৰণ সচিব মির্জা ফখৰুল ইছলাম আলমগিৰে ৰাজনৈতিক দলসমূহৰ সৈতে পৰামৰ্শৰ জৰিয়তে আৱশ্যকীয় সংস্কাৰ সাধনৰ পাছত দেশখনত অতি সোনকালে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অন্তৱৰ্তীকালীন চৰকাৰক স্পষ্ট ৰূপৰেখা প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছিল।

অধিক পঢ়ক

সকলো চাওক