বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট শৃংখলাৰ প্ৰথমখন খেলত ভাৰত ২৮০ ৰাণত জয়ী হৈছে। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত খেলখনৰ আজি চতুর্থ দিনা বাংলাদেশে নিজৰ দ্বিতীয় ইনিংছত ২৩৪ ৰাণতে আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ ৰবীচন্দ্ৰন অশ্বিনে দ্বিতীয় ইনিংছত ৬ টা উইকেট দখল কৰে। ইয়াৰ জৰিয়তে টেষ্টৰ এটা ইনিংছত সৰ্বাধিকবাৰ ৫ টা উইকেট দখল কৰা অভিলেখৰ ক্ষেত্ৰত কিংবদন্তি স্পীনাৰ শ্বেইন ৱাৰ্ণৰ সৈতে অশ্বিনে সমতা স্থাপন কৰে। ইয়াৰ পূর্বে বাংলাদেশে টছত জিকি বেটিং কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ পাছত ভাৰতে ৰবীচন্দ্ৰন অশ্বিনৰ ১১৩ আৰু ৰবীন্দ্ৰ জাদেজাৰ ৮৬ ৰাণৰ সহায়ত ৩৩৬ ৰাণত প্রথম ইনিংছ সামৰিছিল। প্ৰত্যুত্তৰত মাত্ৰ ১৪৯ ৰাণত বাংলাদেশৰ প্ৰথম ইনিংছৰ অন্ত পৰাত দ্বিতীয় ইনিংছত ভাৰতে ৪ উইকেটত ২৮৭ ৰাণ কৰি ইনিংছ ঘোষণা কৰিছিল। খেলখনত অল ৰাউণ্ড প্ৰদৰ্শনৰ বাবে ৰবীচন্দ্ৰন অশ্বিনলৈ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা আগবঢ়োৱা হয়। শৃংখলাৰ পৰৱৰ্তী খেলখন কানপুৰত অনুষ্ঠিত হ’ব।
Site Admin | September 22, 2024 12:25 PM | india-bangladesh test match