বাংলাদেশৰ প্ৰধানমন্ত্রী শেখ হাচিনাৰ আলোচনাৰ প্ৰস্তাৱ দেশখনৰ কোটা সংস্কাৰ আন্দোলনৰ প্ৰতিবাদকাৰীসকলৰ নাকচ

বাংলাদেশৰ প্ৰধানমন্ত্রী শেখ হাচিনাই আলোচনাৰ প্ৰস্তাৱ দেশখনৰ কোটা সংস্কাৰ আন্দোলনৰ প্ৰতিবাদকাৰীসকলে নাকচ কৰাৰ লগতে প্রধানমন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে। নাহেদ ইছলাম, চাৰ্গিছ আলম, তথা আন্দোলনৰ আন মুখ্য সমন্বয়কাৰীসকলে কালি বিয়লি ঢাকাৰ কেন্দ্ৰীয় ছহিদ মিনাৰত এই কথা ঘোষণা কৰে। তেওঁলোকে লগতে কয় যে, দেশখনত কালিৰে পৰা আৰম্ভ হোৱা অসহযোগ আন্দোলন বলবৎ কৰিব। প্ৰধানমন্ত্রী শ্বেখ হাচিনাই কোটা সংস্কাৰ আন্দোলনক কেন্দ্ৰ কৰি সংঘটিত হিংসাত্মক ঘটনাৰ অন্ত পেলাবলৈ আন্দোলনত জড়িত ছাত্র-ছাত্রীসকলক গণ ভৱনত তেওঁৰ সৈতে আলোচনাত বহিবলৈ আহ্বান জনোৱাৰ পাছতে প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবীৰ কথা ঘোষণা কৰিছিল। যোৱা নিশা বাংলাদেশৰ গৃহমন্ত্রী আছাদুজ্জমান খানে দেশখনৰ আইন প্ৰৱৰ্তনকাৰী সংস্থাৰ শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা বৈঠকৰ পিছত সংবাদ মাধ্যমক জনাই যে, ছাত্র আন্দোলনৰ সকলো দাবী ইতিমধ্যে পূৰণ কৰা হৈছে আৰু তেওঁ ছাত্র-ছাত্রীসকলক অসহযোগ আন্দোলন নকৰাকৈ ঘৰলৈ উভতি যাবলৈ আহ্বান জনায়। তেওঁ লগতে দেওবাৰৰ পৰা ঢাকা আৰু ওচৰৰ জিলাসমূহত ৰাতিপুৱা ৬ বজাৰ পৰা নিশা ৯ বজালৈকে কার্ফিউৰ সময় শিথিল কৰাৰ কথাও ঘোষণা কৰে। ইয়াৰ পূৰ্বে কালি বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেখ হাচিনাই দেশখনত দেওবাৰৰ পৰা অসহযোগ আন্দোলন ঘোষণা কৰাৰ এদিন পিছতে কোটা সংস্কাৰ আন্দোলনত আটকাধীন সকলো ছাত্ৰ-ছাত্ৰীক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছিল।

অধিক পঢ়ক

সকলো চাওক