বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনাৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনাই কালি নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক সাক্ষাৎ কৰে। আলোচনাৰ অন্তত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কয় যে, দুয়োখন দেশৰ মাজৰ নিয়মীয়া আলোচনাই ১৯৭১ চনৰ বাংলাদেশৰ মুক্তি সংগ্ৰামেৰে আৰম্ভ হোৱা মৈত্রী আৰু সহযোগিতাৰ যাত্ৰাকে প্ৰতিফলিত কৰে। তেওঁ কয় যে, ভাৰত আৰু বাংলাদেশে বিভিন্ন ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা সুদৃঢ় কৰাৰ দিশত ক্ষিপ্ৰতাৰে আগবাঢ়িছে আৰু নতুন খণ্ডত সহযোগিতা গঢ়ি তুলিছে। ইয়াৰ ফলত ভাৰত আৰু বাংলাদেশৰ মিত্ৰতাৰ নতুন ভৱিষ্যৎ আৰম্ভ হ’ব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। বৈঠকত দুয়োগৰাকী নেতাই অর্থনৈতিক সম্পর্ক, উন্নয়নমূলক সহযোগিতা, প্ৰতিৰক্ষা সহযোগিতা, শক্তি, সুৰক্ষা আৰু যোগাযোগকে ধৰি সকলো ক্ষেত্ৰত সম্পৰ্ক সুদৃঢ় কৰিবলৈ সন্মতি প্রকাশ কৰে। আনহাতে, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয় যে, দুয়োপক্ষই উভয় দেশৰ মাজত গভীৰভাৱে শিপাই থকা ঐতিহাসিক সম্পৰ্কত গুৰুত্ব আৰোপ কৰি আহিছে আৰু দেশ দুখনৰ বিভিন্ন বিষয়ত দৃষ্টিভংগীও একে ধৰণৰ। এই বিষয়সমূহৰ ভিতৰত অৰ্থনৈতিক আৰু উন্নয়নমূলক সহযোগিতা, আঞ্চলিক যোগাযোগ, সেউজ শক্তি, ডিজিটীয় প্ৰসাৰ আৰু মহাকাশ ক্ষেত্ৰৰ সহযোগিতা অন্যতম।

অধিক পঢ়ক

সকলো চাওক