August 29, 2024 11:48 AM | Sheikh Hasina

printer

বাংলাদেশৰ ক্ষমতাচ্যুত শ্বেইখ হাছিনাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ সংখ্যা ৭৫লৈ বৃদ্ধি

বাংলাদেশৰ ক্ষমতাচ্যুত শ্বেইখ হাছিনা, তেওঁৰ মন্ত্ৰীসভাৰ প্ৰাক্তন সদস্য আৰু সহযোগীসকলৰ বিৰুদ্ধে আৰু চাৰিটা গোচৰ ৰুজু কৰা হৈছে। ইয়াকে লৈ শ্বেইখ হাছিনাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ সংখ্যা ৭৫ লৈ বৃদ্ধি পাইছে। ঢাকাৰ এখন দৈনিক বাতৰি কাকতে প্ৰকাশ কৰা মতে ৭৬ বছৰীয়া শ্বেইখ হাছিনা সম্প্ৰতি ৭৫টা গোচৰৰ সন্মুখীন হৈছে। ইয়াৰে ভিতৰত ৬৩টা হত্যাৰ, ৭টা মানৱতাৰ বিৰুদ্ধে অপৰাধ আৰু গণহত্যাৰ, তিনিটা অপহৰণৰ আৰু দুটা অন্য অপৰাধৰ গোচৰ আছে।

অধিক পঢ়ক

সকলো চাওক