বাংলাদেশত সান্ধ্য আইন আৰু সামৰিক বাহিনী নিয়োগ

বাংলাদেশে দেশজুৰি দেখা দিয়া অশান্ত পৰিস্থিত ৰোধ কৰাত আৰক্ষী ব্যৰ্থ হোৱাৰ পাছত সান্ধ্য আইন আৰু সামৰিক বাহিনী নিয়োগ কৰাৰ কথা ঘোষণা কৰিছে। শিক্ষাৰ্থীসকলে চৰকাৰী চাকৰিৰ বাবে সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰৰ দাবী উত্থাপন কৰাৰ পাছতে দেশখনত হিংসাৰ সূত্ৰপাত হৈছে। প্ৰদৰ্শনকাৰী শিক্ষাৰ্থী আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত দেশখনত বৰ্তমানলৈকে কমেও ১০৫ লোকে প্ৰাণ হেৰুৱাইছে। ইপিনে, বিদেশ মন্ত্ৰ্যালয়ে বাংলাদেশত বাস কৰা ভাৰতীয় নাগৰিকসকলক ঢাকাত থকা উচ্চায়োগে জাৰি কৰা পৰামৰ্শাৱলী মানি চলিবলৈ আৰু আয়োগৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে, চুবুৰীয়া ৰাষ্ট্ৰখনত প্ৰায় চাৰে ৮ হাজাৰ শিক্ষাৰ্থী আৰু প্ৰায় ১৫ হাজাৰ ভাৰতীয় নাগৰিকে বাস কৰি আছে। বিদেশ মন্ত্ৰী ড০ এছ জয় শংকৰে নিজেই পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু ঢাকাত থকা উচ্চায়োগে দেশখনৰ পৰিস্থিতি সন্দৰ্ভত নিয়মীয়াভাৱে অৱগত কৰি যাব বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, বিদেশ মন্ত্ৰ্যালয়ে দেশখনত বাস কৰা ভাৰতীয় নাগৰিকসকলক সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়াবলৈ বদ্ধপৰিকৰ। মুখপাত্ৰগৰাকীয়ে কয় যে, ভাৰতে বাংলাদেশৰ প্ৰতিবাদৰ বিষয়টোক চুবুৰীয়া ৰাষ্ট্ৰখনৰ অভ্যন্তৰীণ বিষয় বুলি গণ্য কৰে।

অধিক পঢ়ক

সকলো চাওক