August 11, 2024 7:27 PM | Bangladesh PM

printer

বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ নেতা মহম্মদ ইউনুছৰ গৰিহণা

শ্বেইখ হাছিনা নেতৃত্বাধীন চৰকাৰৰ পতনৰ পাছত বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ নেতা মহম্মদ ইউনুছে গৰিহণা দিয়ে । এনেধৰণৰ ঘটনাক জঘন্য বুলি অভিহিত কৰি নবেল বঁটা বিজয়ী ইউনুছে প্রতিবাদত জড়িত থকা ছাত্ৰসকলক দেশখনত বাস কৰা হিন্দু, খ্রীষ্টান আৰু বৌদ্ধ পৰিয়ালসমূহক সুৰক্ষা দিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ’ গুটেৰেছৰ উপ মুখপাত্র ফাৰহান হকেও দেশখনত সংখ্যালঘুৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক নিন্দা কৰি জাতি-ধৰ্ম বা যিকোনো বৈষম্যৰ ভিত্তিত হিংসাৰ বিৰোধিতা কৰে । হকে হিংসাৰ দ্বাৰা প্ৰভাৱিত হিন্দু আৰু অন্যান্য সংখ্যালঘুসকলক সহায় কৰিবলৈ ৰাষ্ট্ৰসংঘ সাজু হৈ থকা বুলিও নিশ্চিতি প্ৰদান কৰে। উল্লেখযোগ্য যে কালি দেশখনৰ সহস্ৰাধিক হিন্দু লোকে ৰাজধানী চহৰ ঢাকা আৰু উত্তৰ-পূব বন্দৰ চহৰ ছট্টগ্রামত একেৰাহে দ্বিতীয় দিনৰ বাবে বৃহৎ প্রতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিছিল। সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলোৱাসকলৰ খৰতকীয়া বিচাৰ কৰাৰ বাবে বিশেষ ন্যায়াধীকৰণ গঠন, সংখ্যালঘুৰ বাবে ১০ শতাংশ সংসদীয় আসনৰ আৱণ্টন, সংখ্যালঘুৰ সুৰক্ষা আদি দাবী সম্বলিত প্ৰতিবাদী কাৰ্যসূচীত ছাত্র-ছাত্রীসহ সহস্রাধিক মুছলমান প্ৰতিবাদকাৰীয়েও সংখ্যালঘুৰ প্ৰতি সংহতি প্ৰদৰ্শন কৰি যোগদান কৰিছিল। ইফালে বাংলাদেশত সংখ্যালঘু হিন্দু আৰু অন্যান্য গোটক লক্ষ্য হিচাপে লৈ শেহতীয়াকৈ সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বিৰুদ্ধে ৱাশ্বিংটনৰ হোৱাইট হাউছৰ সন্মুখতো প্ৰতিবাদীকাৰীৰ এটা বৃহৎ দল সমবেত হয়।

অধিক পঢ়ক

সকলো চাওক