ডাউনলোড
মোবাইল এপ

android apple
signal

July 19, 2024 8:39 PM | Randhir Jaisowal

printer

বাংলাদেশত বাস কৰা ভাৰতীয় নাগৰিকক উচ্চায়োগৰে সম্পৰ্কত থাকিবলৈ আহ্বান বিদেশ মন্ত্রালয়ৰ

বিদেশ মন্ত্রালয়ে বাংলাদেশত বাস কৰা ভাৰতীয় নাগৰিকসকলক ঢাকাত থকা উচ্চায়োগে জাৰি কৰা পৰামৰ্শাৱলী মানি চলিবলৈ আৰু আয়োগৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে, চুবুৰীয়া ৰাষ্ট্ৰখনত প্ৰায় চাৰে ৮ হাজাৰ শিক্ষাৰ্থী আৰু প্ৰায় ১৫ হাজাৰ ভাৰতীয় নাগৰিকে বাস কৰি আছে। বিদেশ মন্ত্রী ড০ এছ জয় শংকৰে নিজেই পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু ঢাকাত থকা উচ্চায়োগে দেশখনৰ পৰিস্থিতি সন্দৰ্ভত নিয়মীয়াভাৱে অৱগত কৰি যাব বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, বিদেশ মন্ত্রালয়ে দেশখনত বাস কৰা ভাৰতীয় নাগৰিকসকলক সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়াবলৈ বদ্ধপৰিকৰ। মুখপাত্ৰগৰাকীয়ে কয় যে, ভাৰতে বাংলাদেশৰ প্ৰতিবাদৰ বিষয়টোক চুবুৰীয়া ৰাষ্ট্ৰখনৰ অভ্যন্তৰীণ বিষয় বুলি গণ্য কৰে৷

অধিক পঢ়ক

সকলো চাওক