October 13, 2024 11:56 AM | T-20 cricket

printer

বাংলাদেশক হোৱাইট ৱাছ কৰি ভাৰতৰ তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলা দখল

ভাৰতে যোৱানিশা হায়দৰাবাদত অনুষ্ঠিত তিনিখনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত বাংলাদেশক ১৩৩ ৰানত পৰাস্ত কৰি ৩-০ ফলাফলেৰে শৃংখলা হস্তগত কৰে। বাংলাদেশে ২৯৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত ১৬৪ ৰানহে কৰিবলৈ সমৰ্থ হয়। বাংলাদেশৰ হৈ তৌহিদ হৃদয়ে ৬৩ ৰান কৰি আউট নোহোৱাকৈ থাকে । লিটন দাসে ৪২ ৰানৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ ৰবি বিষ্ণই ৩টা উইকেট দখল কৰাৰ বিপৰীতে ময়ংক যাদৱে দুটা আৰু ৱাশ্বিংটন সুন্দৰ তথা নীতিশ ৰেড্ডীয়ে এটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ সঞ্জু ছেমছনৰ ১১১ আৰু অধিনায়ক সূর্য কুমাৰ যাদৱৰ ৭৫ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২৯৭ ৰান সংগ্ৰহ কৰে। ভাৰতৰ বাবে জয়ৰ দিশৰ পৰা ১৩৩ ৰানৰ ব্যৱধান আন্তঃৰাষ্ট্ৰীয় টি-টুৱেণ্টি ক্ৰিকেটত তৃতীয় সৰ্বাধিক ব্যৱধান। সঞ্জু ছেমছনক প্লেয়াৰ অব দ্যা মেচ আৰু হার্দিক পাণ্ডিয়াক প্লেয়াৰ অব দ্যা ছিৰিজ হিচাপে ঘোষণা কৰা হয় ৷ ভাৰতে দিল্লীত অনুষ্ঠিত দ্বিতীয়খন খেলত বাংলাদেশক ৮৬ ৰানৰ ব্যৱধানত পৰাস্ত কৰিছিল। একেদৰে গোৱালিয়ৰত অনুষ্ঠিত প্ৰথমখন খেলত ভাৰতে ৭ উইকেটত বিজয় সাব্যস্ত কৰিছে।

অধিক পঢ়ক

সকলো চাওক