প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বহিঃৰাষ্ট্ৰত থকা ভাৰতীয়সকলৰ সৈতে সম্পৰ্কত নতুন মাত্রা প্ৰদান কৰি তেওঁলোকক দেশৰ বিশ্বব্যাপী ভাবমূর্তি আৰু বিকাশৰ অবিচ্ছেদ্য অংগ কৰি তুলিছে। আমেৰিকা-ইণ্ডিয়া কমিউনিটি ফাউণ্ডেশ্যনৰ অধ্যক্ষ ডাঃ ভাৰত বাৰাইয়ে এখন ৰাষ্ট্ৰীয় দৈনিক কাকতত লিখা এটা প্ৰবন্ধত এই বিষয়ে প্রকাশ কৰে৷ ড০ বাৰাইয়ে কয় যে, হিউষ্টনত ‘হাউডি মোডী’, কুৱেইটৰ ‘হালা মোডী’, আৰু মহাদেশখনৰ আন অসংখ্য অনুষ্ঠানে প্রবাসী ভাৰতীয় আৰু ভাৰতীয় মূলৰ লোকসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত যোগাযোগৰ কথাকে প্ৰতিফলিত কৰে। তেওঁ কয় যে, এইবাৰ ওড়িশাত আয়োজন কৰা প্ৰবাসী ভাৰতীয় দিৱসক প্রধানমন্ত্ৰীয়ে ভাৰতীয় পৰিচয় আৰু গৌৰৱৰ উদযাপনৰ মঞ্চলৈ উন্নীত কৰিছে। ডাঃ বাৰাইয়ে কয় যে নিউয়র্ক চহৰৰ মেডিচন স্কোৱাৰ গার্ডেন ভাৰত মাতা কি জয় ধ্বনিৰে গুঞ্জৰিত হৈ উঠাটো, ২০১৪ চনৰ ছেপ্টেম্বৰত ভাৰতৰ প্ৰব্ৰজনকাৰী কূটনীতিৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হৈছিল। হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা এই অভূতপূর্ব অনুষ্ঠানটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিদেশত থকা ভাৰতীয়সকলৰ বাবে গ্ৰহণ কৰা অনন্য দৃষ্টিভংগীৰ আৰম্ভণি হিচাপে পৰিগণিত হৈছিল আৰু তেতিয়াৰ পৰাই এয়া তেওঁৰ গোলকীয় কৌশলৰ মূল অংশ হৈ পৰিছে। ডাঃ ভাৰত বাৰাইয়ে কয়, প্রধানমন্ত্ৰীৰ বিদেশত থকা ভাৰতীয় সকলৰ সৈতে ঘনিষ্ঠতা প্রধানমন্ত্রী হিচাপে কাৰ্যকালৰ বহু আগতেই আৰম্ভ হৈছিল। আশীৰ দশকত এজন যুৱ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক হিচাপে মোডীয়ে বহিঃৰাষ্ট্ৰত বাস কৰা ভাৰতীয়সকলৰ সৈতে শক্তিশালী সম্পর্ক গঢ়ি তুলিছিল। ১৯৯০ চনত আমেৰিকা, ইউৰোপ আৰু কেৰিবিয়ান ৰাষ্ট্ৰ ভ্ৰমণৰ জৰিয়তে, তেওঁ এই যোগাযোগ গঢ়ি তোলাৰ উপৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উত্তম পদ্ধতিসমূহৰ পৰা শিকিবলৈ প্ৰয়াস কৰিছিল৷ ১৯৯৩ চনত স্বামী বিবেকানন্দৰ চিকাগো ভাষণৰ শতবার্ষিকী উদযাপনত অংশগ্রহণ কৰি তেওঁ ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু পেছাদাৰীসকলৰ সৈতে সম্পৰ্ক শক্তিশালী কৰে৷ ২০০১ চনৰ পৰা ২০১৪ চনলৈকে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শ্ৰী মোদীয়ে এই সংযোগৰ সহায় লৈ গুজৰাটক বিশ্বব্যাপী বিনিয়োগৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলে। প্রধানমন্ত্রী মোদীয়ে প্রবাসী ভাৰতীয় সকলক দেশৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে গণ্য কৰি ভাৰতৰ ঐতিহ্য আৰু অৰ্থনৈতিক সম্ভাৱনাক প্ৰচাৰ কৰিবলৈ আহ্বান জনাই আহিছে। তেওঁৰ দশকজোৰা প্ৰচেষ্টাই কেৱল সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পর্ক গভীৰ কৰাই নহয়, বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত বিশ্বত ভাৰতীয় সম্প্রদায়ক গুৰুত্বপূৰ্ণ শক্তি হিচাপেও স্থান দিছে বুলি ডাঃ বাৰাইয়ে উল্লেখ কৰে৷
Site Admin | January 9, 2025 4:33 PM | narendra modi | PM Modi