প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-২০ শীর্ষ সন্মিলনৰ কালি দ্বিতীয় দিনা বহনক্ষম উন্নয়ন আৰু শক্তি সৰবৰাহ সম্পৰ্কীয় প্ৰথম সত্ৰত ভাষণ দিয়ে। শ্রীমোদীয়ে কয়, যে নতুন দিল্লীত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনৰ সময়ত ৰাষ্ট্ৰগোষ্ঠীটোৱে ২০৩০ চনৰ ভিতৰত নবীকৰণযোগ্য শক্তি সামর্থ্য্য তিনি গুণলৈ আৰু শক্তি দক্ষতা দুগুণলৈ বৃদ্ধি কৰিবলৈ সংকল্প গ্রহণ লৈছিল। তেওঁ লগতে বহনক্ষম উন্নয়নৰ এই অগ্ৰাধিকাৰসমূহ আগুৱাই লৈ যাবলৈ ব্ৰাজিলে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতি আদৰণি জনায়। প্রধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত বহনক্ষম উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে ভাৰতে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। এই সন্দৰ্ভত শ্রীমোদীয়ে বিগত ১০ বছৰত ৪ কোটি পৰিয়ালক বাসগৃহ প্রদান, বিগত পাঁচ বছৰত ১২ কোটি পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগান, ১০ কোটি পৰিয়াললৈ নিকা ৰন্ধন ইন্ধন যোগান আৰু ১১ কোটি ৫০ লাখ পৰিয়ালক শৌচালয় প্ৰদান কৰাৰ কথা উল্লেখ কৰে। তেওঁ লগতে পেৰিছ প্ৰতিশ্ৰুতি পূৰণৰ লক্ষ্যত উপনীত প্ৰথমখন জি-২০ ৰাষ্ট্ৰৰূপে পৰিগণিত হোৱাৰ ভাৰতৰ সাফল্যৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট নবীকৰণযোগ্য শক্তি উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে আৰু ইতিমধ্যে ২০০ গিগাৱাট এনে শক্তি উৎপাদন কৰিবলৈ সমৰ্থ হৈছে। শ্ৰীমোদীয়ে আন্তঃৰাষ্ট্ৰীয় সৌৰ জোঁট, বিপর্যয় প্ৰতিৰোধী আন্তঃগাঁথনি জোঁট, মিছন লাইফ, এটা সূৰ্য, এখন পৃথিৱী এটা গ্রীড আৰু বহনক্ষম ধৰিত্ৰীৰ বাবে গোলকীয় জৈৱ ইন্ধন জোঁটৰ লেখিয়া ভাৰতে গ্ৰহণ কৰা গোলকীয় উদ্যমৰ বিষয়েও উল্লেখ কৰে। গ্লোবেল ছাউথ হিচাপে পৰিচিত অর্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলকভাৱে কম উন্নত বিশেষকৈ উন্নয়নশীল ক্ষুদ্র দ্বীপ ৰাষ্ট্ৰসমূহৰ বহনক্ষম উন্নয়নৰ আৱশ্যকতাত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়। শ্রীমোদীয়ে তৃতীয় ভইচ অব দ্য গ্লোবেল ছাউথ শীর্ষ সন্মিলনত ভাৰতে ঘোষণা কৰা গোলকীয় উন্নয়ন উদ্যমলৈ সমৰ্থন আগবঢ়াবলৈ ৰাষ্ট্ৰসমূহৰ প্ৰতি আহ্বান জনায়।
Site Admin | November 20, 2024 11:35 AM | G-20 PM Speech