বন্দুকধাৰীৰ গুলীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্রপতি ডোনাল্ড ট্রাম্প আহত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্রপতি ডোনাল্ড ট্রাম্প যোৱা নিশা পেঞ্চেলভেনিয়াৰ এখন নির্বাচনী সভাত হোৱা গুলিচালনাত আহত হয়। গুলিচালনাৰ পাছতে সুৰক্ষা কৰ্মীয়ে ততালিকে ব্যৱস্থা গ্রহণ কৰি এজন বন্দুকধাৰীক গুলিয়াই নিহত কৰে। এই ঘটনাত অন্য এজন ব্যক্তি নিহত হয় আৰু এজন আহত হয়। ঘটনাৰ সময়ত ট্রাম্প মঞ্চৰ পৰা বাগৰি পৰে আৰু গোপন সেৱাৰ বিষয়াই ততালিকে তেওঁক ঘটনাস্থলীৰ পৰা বাহিৰলৈ লৈ যায়। ট্রাম্পৰ মুখমণ্ডলত তেজৰ চেকুৰা দেখা যায়। বিষয়াসকলে প্রকাশ কৰা মতে প্রাক্তন ৰাষ্ট্ৰপতিগৰাকী সম্পূৰ্ণৰূপে নিৰাপদে আছে। শ্রীট্ৰাম্পে এটা বিবৃতিযোগে গোপন সেৱা বিষয়া আৰু অন্য বিষয়াসকলৰ দ্রুত ব্যৱস্থাৰ প্ৰশংসা কৰিছে। তেওঁ লগতে এই ঘটনাত সোফালৰ কাণৰ উপৰিভাগত গুলিৰ আঘাট লগা বুলি জানিবলৈ দিছে। ৰাষ্ট্ৰপতি জো বাইডেনে এই ঘটনাক গৰিহণা দিছে আৰু শ্রীট্রাম্পক নিৰাপদে আঁতৰাই অনাৰ বাবে গোপন সেৱা বিষয়াসকলৰ শলাগ লৈছে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ ওপৰত হোৱা আক্ৰমণক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে এই আক্রমণক গৰিহণা দিছে। শ্রীমোদীয়ে কৈছে যে, ৰাজনীতি আৰু গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই। তেওঁ লগতে শ্ৰীট্রাম্পৰ আশু আৰোগ্য কামনা কৰিছে।

অধিক পঢ়ক

সকলো চাওক