April 21, 2024 12:13 PM | IMD weather

printer

বতৰ বিজ্ঞান বিভাগৰ উত্তৰ-পূৰ্বাঞ্চলৰ ঠাই বিশেষে ২৪ এপ্রিল পর্যন্ত বৰষুণৰ আগলি বতৰা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে ২৪ এপ্রিল পর্যন্ত বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে অৰুণাচল প্ৰদেশৰ কোনো কোনো অংশত বিজুলী ঢেৰেকনিৰে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ’ব পাৰে বুলি পূর্বানুমান প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে পশ্চিম বংগৰ গংগা নৈৰ কাষৰীয়া ভালেমান অংশত আজি আৰু ঝাৰখণ্ড তথা বিহাৰৰ ঠাইবিশেষে ২৪ এপ্ৰিললৈকে গ্ৰীষ্মপ্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলি প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক