বতৰৰ বতৰা:
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত আজি বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩১ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৯ ডিগ্রী ছেলছিয়াছৰ আশে-পাশে থাকিব বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে।
বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। মেঘালয়, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা আৰু মিজোৰামৰ কোনো কোনো অংশত পাতলীয়া বৰষুণ হোৱাৰ লগতে তাপমাত্রা ৩ৰ পৰা ৪ ডিগ্ৰীলৈ হ্ৰাস হ’ব বুলি কেন্দ্ৰটোৱে লগতে প্ৰকাশ কৰিছে।