ডাউনলোড
মোবাইল এপ

android apple
signal

বতৰৰ বতৰা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ পুৱাৰ ভাগত কুঁৱলী আৰু পাছত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৬ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৩ ডিগ্রী ছেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৫ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ১২.২ ডিগ্রী ছেলছিয়াছ। আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৪ ঘণ্টাত মেঘালয় আৰু নাগালেণ্ডত পাতলীয়া বৰষুণ আৰু অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰত ঠাই বিশেষে ঘন কুঁৱলী পৰিব পাৰে বুলি আগলি বতৰা দিছে।

অধিক পঢ়ক

সকলো চাওক