দুদিনীয়া ভ্ৰমণসূচীৰে কালি নগাঁৱত উপস্থিত হোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আজি বঢ়মপুৰ অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয়। বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে প্ৰাৰ্থনাৰে ৰাজ্যপালগৰাকীক আদৰণি জনোৱাৰ পাছত মত বিনিময় অনুষ্ঠান সম্পন্ন হয়। ৰাজ্যপাল শ্ৰীআচাৰ্যই শিক্ষাৰ্থীসকলৰ মাজত স্মার্টফোন আৰু ইলেকট্রনিক লাখুটি বিতৰণ কৰে।উল্লেখযোগ্য যে আজি পুৱাৰ ভাগত ৰাজ্যপালগৰাকী মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত হৈ পূজা-অৰ্চনাত ভাগ লয়। বিধায়ক জিতু গোস্বামী আৰু জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে শ্রীআচাৰ্যক সংগ দিয়ে।
Site Admin | December 5, 2024 8:06 PM | Akashvani
বঢ়মপুৰ অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য
