বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে আজি কোকৰাঝাৰত দতমাৰ থুলুংগাপুৰীত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। বডোফাৰ স্মৃতিত শ্রদ্ধা জনাই আয়োজিত এই অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী আৰু কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বডোফাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। শ্ৰীদৈমাৰীয়ে কয় যে, বড়ো জনগোষ্ঠীৰ পিতৃ হিচাপে খ্যাত বডোফাৰ সংগ্ৰাম আৰু মহৎ আদর্শ জনগোষ্ঠীটোৰ বাবে অনুপ্ৰেৰণা হৈ আহিছে। ইপিনে, বডোফাৰ সমাধিস্থলিত এবছুৰ পতাকা উত্তোলন কৰি সংগঠনটোৰ সভাপতি দীপেন বড়োৱে নেতাগৰাকীৰ সংগ্ৰামী জীৱন আৰু জাতীয়তাবাদী আদৰ্শৰ কথা সোঁৱৰণ কৰে। এই অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে উপেন্দ্ৰনাথ ব্ৰহ্মক ভাৰত ৰত্ন সন্মান প্ৰদান কৰি সন্মানিত কৰিবলৈ চৰকাৰক দাবী জনায়। মৃত্যু তিথি উপলক্ষে বডোফাৰ চিৰশান্তি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ অহা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি বডোফাৰ সমাধিস্থল দতমাত উপস্থিত হৈ নেতাগৰাকীৰ স্মৃতিত শ্রদ্ধা তৰ্পন কৰে ।
Site Admin | May 1, 2024 9:09 PM | Bodofa UP Brahma
বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যু বার্ষিকীত শ্রদ্ধা তৰ্পন
