ডাউনলোড
মোবাইল এপ

android apple
signal

January 12, 2025 7:58 PM | Bodo Sahitya Sabha

printer

বড়োসকলৰ জাতীয় জীৱনৰ মূল স্রোত সাহিত্য আৰু সংস্কৃতিয়ে বৃহত্তৰ অসমীয়া জাতিক সমৃদ্ধ কৰি আহিছেঃ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকা

ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমুনগৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশনৰ আজি অন্তিম দিন। এই উপলক্ষে আয়োজিত মুকলি সভাত ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই অংশগ্ৰহণ কৰে। এটা জাতি জীয়াই থাকিবলৈ ভাষা আৰু সাহিত্য অতি গুৰুত্বপূৰ্ণ উপাদান বুলি মন্তব্য কৰি মন্ত্ৰী শ্ৰীহাজৰিকাই কয়, যে বড়ো সকলৰ জাতীয় জীৱনৰ মূল স্রোত সাহিত্য আৰু সংস্কৃতিয়ে বৃহত্তৰ অসমীয়া জাতিক সমৃদ্ধ কৰি আহিছে। বড়ো সাহিত্য সভাই অসমৰ বৃহত্তম জনগোষ্ঠীটোৰ ভাষা- সাহিত্য, কলা-কৃষ্টি আৰু সংস্কৃতিক বিশ্ব দৰবাৰলৈ আগবঢ়াই লৈ যাবলৈ সমৰ্থ হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে আজিৰ অনুষ্ঠানত প্ৰকাশ কৰে। উল্লেখযোগ্য যে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰই আজিৰ মুকলি অধিৱেশনৰ কাৰ্যসূচী পোনপটীয়াকৈ প্ৰচাৰ কৰিছে। অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, সাংসদ ৰণগৌৰা নাৰ্জাৰী, বড়ো সাহিত্য সভাৰ সভাপতি ড০ সূৰ্থ নাৰ্জাৰীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক