ডাউনলোড
মোবাইল এপ

android apple
signal

November 3, 2024 7:32 PM | Bodoland Festival

printer

বড়োলেণ্ড মহোৎসৱৰ আয়োজনৰ উদ্দেশ্যে নতুন দিল্লীত নিখিল বড়ো ছাত্ৰ সন্থাৰ সংবাদমেল

বড়োলেণ্ড মহোৎসৱৰ আয়োজনৰ উদ্দেশ্যে আজি নতুন দিল্লীত নিখিল বড়ো ছাত্ৰ সন্থাৰ এখন সংবাদমেল অনুষ্ঠিত হয়। ‘Ethos of peace and harmony an integral part for nation building’ শীর্ষক বিষয়বস্তুৰে ১৫ আৰু ১৬ নৱেম্বৰত দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত আয়োজন কৰিবলগীয়া বড়োলেণ্ড মহোৎসৱৰ বিষয়ে আজিৰ সংবাদমেলত বড়ো ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে সংবাদ মাধ্যমক অৱগত কৰে। বড়ো জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম আৰু ইতিহাস সামৰি লৈ আয়োজন কৰা এই মহোৎসৱলৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাৰ বিষয়ে উদ্যোক্তাসকলে উল্লেখ কৰে। মহোৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে শিক্ষা মন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধান, ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, জনজাতি কল্যাণ মন্ত্রী জুৱেল অ’ৰাম, বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি বড়ো ছাত্ৰ সন্থাৰ বিষয়ববীয়াই জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক