বটদ্ৰৱা সত্ৰত ৩ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ উপলক্ষে ৰাজ্যৰ নামঘৰ, সত্ৰসমূহত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানকে ধৰি নগাঁও জিলাৰ বিভিন্ন প্ৰান্ততো বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি পালন কৰা হৈছে। বিশেষকৈ বটদ্ৰৱা সত্ৰত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন কৰা হৈছে। ইপিনে, নগাঁও জিলা সত্র মহাসভাৰ উদ্যোগত কলিয়াবৰৰ জখলাবন্ধা সত্ৰত গুৰুজনাৰ জন্মোৎসৱ সমূহীয়াভাৱে আয়োজন কৰা হৈছে।
মহাপুৰুষীয়া বৈষ্ণৱ পন্থাৰ পীঠস্থান মাজুলীৰ সত্ৰসমূহতো তিনিদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষজনাৰ জন্মোৎসৱ অনুষ্ঠিত কৰা হৈছে। বিভিন্ন নামঘৰত বৰগীত, দিহানাম আৰু চিত্ৰাংকন প্রতিযোগিতা আয়োজন কৰা হৈছে। কালি পুৱাৰ ভাগত ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্রা অনুষ্ঠিত হোৱাৰ পাছত ধর্মালোচনা সভাৰ লগতে নিশালৈ মাজুলীৰ প্ৰায়সংখ্যক নামঘৰত ভাওনা পৰিৱেশন কৰা হয়। মেখেলীগাঁৱৰ নামঘৰত গুৰুজয়ন্তী উপলক্ষে মহাপুৰুষজনাৰ অমৰ সৃষ্টি ৰামবিজয় নাটখন মঞ্চস্থ কৰা হয়। সত্ৰনগৰী বৰপেটাৰ লগতে জিলাখনৰ প্ৰায় সকলো সত্ৰ, নামঘৰত মহাপুৰুষজনাৰ আৱিৰ্ভাৱ তিথি পালন কৰা হৈছে। বৰপেটা সত্ৰত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হয়। এই উপলক্ষে নাম প্ৰসংগ, ভাগৱত ভ্রমণ, ধর্মালোচনা সভা আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। সত্ৰৰ ঐতিহ্যমণ্ডিত টুপৰ চোতালত আইসকলৰ নামেৰে আজি আৱিৰ্ভাৱ কাৰ্যসূচীৰ সামৰণি পৰে। একেদৰে গুৰুজনাই জীৱনৰ সৰ্বাধিক সময় অতিবাহিত কৰা পাটবাউসীৰ শংকৰদেৱৰ থান, সুন্দৰীদিয়া সত্ৰ, গণককুচি সত্ৰ, বাৰাদি সত্ৰ, কমাৰকুচি সত্ৰ আদিত আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। বৰপেটা ৰোডৰ শাখা সত্ৰ-নামঘৰত তিনিদিনীয়া কাৰ্যসূচীৰে আৱিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত হৈছে। হাউলীৰ দলাগাঁৱতো দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে কালিৰে পৰা জন্মোৎসৱ পালন কৰা হয়।
গুৱাহাটী মহানগৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ১২৯ খন শাখাই নামঘৰসমূহত মহাপুৰুষজনাৰ জন্মোৎসৱ পালন কৰিছে। এই উপলক্ষে আজি প্রাতঃ প্রসংগ, পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, শোভাযাত্ৰা, ধর্মালোচনা সভাকে ধৰি বিভিন্ন কাৰ্যসূচী শাখাসমূহে আয়োজন কৰিছে। ইপিনে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰীৰ জিলা শাখাৰ আতিথ্যত তথা বৃহত্তৰ গুৱাহাটীৰ ৰাইজৰ সহযোগত অহা ১৯ আৰু ২০ অক্টোবৰত ৰূপনগৰৰ বংশীৰাম বড়ো সমন্বয় ক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন কৰা হ’ব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাজো জিলা শাখাৰ উদ্যোগতো মহাপুৰুষজনাৰ আৱিৰ্ভাৱ মহোৎসৱ উলহ মালহেৰে পালন কৰা হয়। জিলা শাখাৰ শিশু, যুৱ আৰু আই মাতৃ সমাৰোহৰ কাৰ্যসূচীও আৱিৰ্ভাৱ মহোৎসৱৰ লগত সংগতি ৰাখি অহা ২৫ আৰু ২৬ অক্টোবৰত পৰিকল্পনা কৰি হৈছে।
ওদালগুৰিতো ৩ দিনীয়া কাৰ্যসূচীৰে পালন কৰা আৱিৰ্ভাৱ মহোৎসৱৰ প্ৰথম দিনা বীৰ নাম পৰিৱেশন কৰাৰ লগতে ভাগৱত ভ্ৰমণৰে চহৰখন পৰিভ্ৰমণ কৰা হয়। কোকৰাঝাৰৰ গোসাঁইগাঁৱত শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰই আয়োজন কৰা আৱিৰ্ভাৱ মহোৎসৱৰ আজি দ্বিতীয় দিনা উলিওৱা ভাগৱত শোভাযাত্ৰাত অসম সত্ৰ মহাসভাৰ সভাপতি উপস্থিত থাকে।
তিনিচুকীয়াত মহাপুৰুষজনাৰ জন্মোৎসৱ উপলক্ষে জিলাৰ নামঘৰসমূহ হৰিনামেৰে মুখৰিত হৈ উঠে। তিনিচুকীয়া নগৰৰ সমীপৰ ৰঙাগড়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৰ জন্মোৎসৱ উপলক্ষে বিভিন্ন কার্যসূচী পালন কৰা হয়। তৈল নগৰী ডিগবৈতো গুৰুজনাৰ জন্মোৎসৱ নানা জাতি জনগোষ্ঠী আৰু ধৰ্মীয় পৰম্পৰাৰ লোকসকলৰ উপস্থিতিত ঊষা কীৰ্তন, ভাগৱত ভ্ৰমণ আৰু নাম প্ৰসংগৰ দৰে কাৰ্যসূচীৰ ৰূপায়ণেৰে পালন কৰা হয়।
ধুবুৰী জিলাৰ গোলকগঞ্জৰ ৰামৰাইকুটি সত্ৰৰ লগতে কোচবিহাৰৰ মধুপুৰ সত্ৰত দিনজোৰা কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন হয়। মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ ভকতৰ পৰিচালনাত পুৱা প্ৰভাতী কীর্তনেৰে জন্মোৎসৱৰ শুভাৰম্ভণি কৰা হৈছিল। এই উপলক্ষে মধুপুৰ সত্ৰ চৌহদৰ পৰা ভাগৱত শোভাযাত্রা উলিওৱা হয়৷
গোৱালপাৰা জিলাৰ সত্ৰ আৰু নামঘৰসমূহতো শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে বিভিন্ন ভক্তিমূলক কার্যসূচী অনুষ্ঠিত হয়। গোৱালপাৰা নগৰৰ শ্যামৰাই সত্ৰত এইবাৰ ১০ অক্টোবৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ আৱিৰ্ভাৱ তিথি উদযাপন কৰা হৈছে। একেদৰে জিলাখনৰ বগুৱানৰ ঐতিহাসিক হাটীসত্ৰতো জন্মোৎসৱৰ পালন কৰা হয়। দেশৰ ৰাজধানী দিল্লী চহৰতো আজি উলহ-মালহেৰে মহাপুৰুষজনাৰ জন্মোৎসৱ পালন কৰা হয়। দিল্লীৰ অসম হাউছত কীৰ্তন সংঘৰ উদ্যোগত সম্পূৰ্ণ অসমীয়া ৰীতি-নীতিৰে নাম প্ৰসংগ আৰু আনুসংগিক কাৰ্যসূচী ৰূপায়ণ কৰি গুৰুজনাৰ আৱিৰ্ভাৱ তিথি পালন কৰা হয়। কার্যসূচীত ৩ শতাধিক লোকে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক