বটদ্ৰৱা সত্ৰত ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ উপলক্ষে আজি ৰাজ্যৰ নামঘৰ, সত্ৰসমূহত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। মাজুলীৰ সত্ৰসমূহৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱা থানত তিনিদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। গুৰুজনাৰ আৱিৰ্ভাৱ তিথি উপলক্ষে সত্ৰপীঠ মাজুলীত ভক্তিৰসত বুৰ গৈছে। মাজুলীৰ সকলো সত্ৰ আৰু নামঘৰত ৩-৪ দিনীয়া কাৰ্যসূচীৰে জন্মোৎসৱৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বিভিন্ন নামঘৰত বৰগীত, দিহানাম আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি পুৱাৰ ভাগত ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্রা অনুষ্ঠিত হোৱাৰ পাছত ধর্মালোচনা সভাৰ আয়োজন কৰা হৈছে। নিশালৈ মাজুলীৰ প্ৰায়সংখ্যক নামঘৰত ভাওনা পৰিবেশন কৰা হ’ব। বটদ্ৰৱা সত্ৰতো তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন কৰা হৈছে। সত্ৰনগৰী বৰপেটাৰ লগতে জিলাখনৰ প্ৰায় সকলো সত্ৰ, নামঘৰত মহাপুৰুষজনাৰ আৱিৰ্ভাৱ তিথি পালন কৰা হৈছে। বৰপেটা সত্ৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱৰ আয়োজন কৰা হৈছে। এই উপলক্ষে নাম প্ৰসংগ, ভাগৱত ভ্রমণ, ধর্মালোচনী সভা আদি বিভিন্ন কার্যসূচী অনুষ্ঠিত হয়। একেদৰে গুৰুজনাই জীৱনৰ সৰ্বাধিক সময় অতিবাহিত কৰা পাটবাউসীৰ শংকৰদেৱৰ থান, সুন্দৰীদিয়া সত্ৰ, গণককুচি সত্ৰ, বাৰাদি সত্ৰ, কমাৰকুচি সত্ৰ আদিত আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। বৰপেটা ৰোডৰ শাখা সত্ৰ-নামঘৰত তিনিদিনীয়া কাৰ্যসূচীৰে আৱিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত কৰা হৈছে। হাউলীৰ দলাগাঁৱতো দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আজিৰে পৰা জন্মোৎসৱ আৰম্ভ হৈছে।
ধুবুৰী জিলাৰ গোলকগঞ্জৰ ৰামৰাইকুটি সত্ৰৰ লগতে কোচবিহাৰৰ মধুপুৰ সত্ৰত দিনজোৰা কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন কৰা হৈছে। মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ ভকতৰ পৰিচালনাত পুৱা প্ৰভাতী কীর্তনেৰে জন্মোৎসৱৰ আৰম্ভণি কৰে। ইয়াৰ পাছত মধুপুৰ সত্ৰ চৌহদৰ পৰা ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। জন্মোৎসৱ উপলক্ষে ভাগৱত পাঠ, আয়তীৰ নাম পৰিৱেশনৰ লগতে ধর্মালোচনী সভাও অনুষ্ঠিত হয়। গোৱালপাৰা জিলাৰ সত্ৰ আৰু নামঘৰসমূহতো শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে বিভিন্ন ভক্তিমূলক কার্যসূচী অনুষ্ঠিত হয়। গোৱালপাৰা নগৰৰ শ্যামৰাই সত্ৰত ১০ অক্টোবৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ আৱিৰ্ভাৱ তিথি উদযাপন কৰা হৈ আহিছে। একেদৰে জিলাখনৰ বগুৱানৰ ঐতিহাসিক হাটীসত্ৰতো জন্মোৎসৱৰ আয়োজন কৰা হৈছে।
গুৱাহাটী মহানগৰীৰ ১২৯ খন শাখাই কাইলৈ নামঘৰসমূহত মহাপুৰুষজনাৰ জন্মোৎসৱ পালন কৰিব। এই উপলক্ষে কাইলৈ প্ৰাতঃ প্ৰসংগ, পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, শোভাযাত্রা, ধর্মালোচনী সভাকে ধৰি বিভিন্ন কাৰ্যসূচী শাখাসমূহে আয়োজন কৰিব। ইপিনে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰীৰ জিলা শাখাৰ আতিথ্যত তথা বৃহত্তৰ গুৱাহাটীৰ ৰাইজৰ সহযোগত অহা ১৯ আৰু ২০ অক্টোবৰত ৰূপনগৰৰ বংশীৰাম বড়ো সমন্বয় ক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন কৰা হ’ব। লখিমপুৰৰ বছাগাঁও, গোলাঘাটৰ আঠখেলীয়া নামঘৰ আৰু কোকৰাঝাৰৰ শংকৰদেৱ নামঘৰতো আজি গুৰুজনাৰ জন্মোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়।

অধিক পঢ়ক

সকলো চাওক