April 21, 2024 6:22 PM | Bonigoan

printer

বঙাইগাঁও জিলাৰ নথিভুক্ত আৰু পঞ্জীভুক্ত সকলো মাৰণাস্ত্ৰ জমা দিবলৈ প্ৰশাসনৰ নিৰ্দেশ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ কোষসমূহৰ উদ্যোগত ভোটাৰ সজাগতা কাৰ্যসূচী আয়োজন কৰা হৈছে। নির্বাচন অনুষ্ঠিত হ’বলগীয়া জিলাসমূহত এই সম্পৰ্কীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। এই সংক্ৰান্তত ঠায়ে ঠায়ে ভোটাৰ সজাগতাৰ লক্ষ্যৰে সজাগতামূলক কাৰ্যসূচী হাতত লোৱা হৈছে। ওদালগুৰি জিলাত ভোটাৰ ৰাইজৰ মাজত ভোটদান সম্পৰ্কীয় সজাগতা সৃষ্টিৰ লক্ষ্যৰে খৈৰাবাৰী ৰেলৱে গেটৰ পৰা নাগাছোৱালৈ ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মানৱ শৃংখল গঠন কৰা হয়। টংলা আৰু ভেৰগাঁও বিধানসভা সমষ্টিৰ কেইবাহাজাৰ মহিলাই জিলা নির্বাচনী বিভাগৰ উদ্যোগত এই কাৰ্যসূচীত ভাগ লয়। বঙাইগাঁও জিলা প্রশাসনে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি চলোৱাৰ লগতে কোনো ধৰণৰ সম্ভাব্য অপ্রীতিকৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ জিলাখনৰ সকলো নথিভুক্ত আৰু পঞ্জীভুক্ত মাৰণাস্ত্ৰ প্ৰশাসনৰ হাতত জমা দিবলৈ নিৰ্দেশ জাৰি কৰে। এই নিৰ্দেশৰ ভিত্তিত জিলাখনৰ মুঠ ১০৩ টা ব্যক্তিগত মাৰণাস্ত্ৰ জিলা প্ৰশাসনৰ হাতত জমা দিয়া হয়। ইয়াৰ লগতে বিত্তিয় প্রতিষ্ঠানসমূহৰ নথিভুক্ত মাৰণাস্ত্ৰসমূহৰো বিধিগত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জিলাখনৰ আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে জিলাখনত নিৰ্বাচনী প্রস্তুতি সম্পৰ্কীয় সকলো দিশৰ আলোচনা কৰিবৰ বাবে আজি জিলা আয়ুক্ত কাৰ্যালয়ত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে আয়ুক্তগৰাকীয়ে এখন সভাত অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক