ডাউনলোড
মোবাইল এপ

android apple
signal

February 11, 2025 8:50 PM | France | PM Modi

printer

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ৰ সৈতে কৃত্রিম বুদ্ধিমত্তা সন্মিলনত প্রধানমন্ত্রী মোদীৰ সহ-অধ্যক্ষতা

প্রধানমন্ত্রী নৰন্দ্ৰ মোদীয়ে আজি পেৰিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ৰ সৈতে কৃত্রিম বুদ্ধিমত্তা সন্মিলনত সহ-অধ্যক্ষতা কৰিব। তেওঁ লগতে ভাৰত আৰু ফ্ৰান্সৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি মেত্ৰুৰ লগতে অন্যান্য নেতাসকলৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। এই বৈঠকতে কৃত্রিম বুদ্ধিমত্তা, প্ৰতিৰক্ষা, পাৰমাণৱিক শক্তি-সহযোগিতা আদি বিভিন্ন খণ্ডত দেশ দুখনৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। দ্বি দেশীয় ভ্রমণসূচীৰ প্ৰথম স্তৰত কালি প্ৰধানমন্ত্ৰী মোদী ফ্ৰান্সত উপস্থিত হয়। দেশখনৰ সশস্ত্র বাহিনী বিভাগৰ মন্ত্রী চেবাষ্টিয়ান লেকÍৱে শ্ৰীমোদীক বিমানবন্দৰত আদৰণি জনায়। পেৰিছত থকা ভাৰতীয় লোকসকলেও তেওঁক বিপুল আদৰণি জনায়। ইয়াৰ পাছত শ্ৰীমোদীয়ে কৃত্রিম বুদ্ধিমত্তা সন্মিলনত অংশগ্ৰহণ কৰিবলগীয়া বিভিন্ন দেশৰ নেতাসকলৰ বাবে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে আয়োজন কৰা বিশেষ নৈশভোজতো অংশগ্ৰহণ কৰে। এই নৈশভোজতে প্রধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ সৈতে মত-বিনিময় কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে তেওঁ বন্ধু ৰাষ্ট্ৰপতি মাক্ৰ’ সাক্ষাৎ কৰি উৎসাহিত হৈ পৰা বুলি প্ৰকাশ কৰে। শ্ৰী মোদী ফ্ৰান্সৰ ঐতিহাসিক নগৰী মাৰ্চেইললৈও যাব আৰু তাত ভাৰতৰ প্ৰথমটো বাণিজ্যিক দূতাবাস মুকলি কৰিব। তেওঁ দুয়োখন দেশকে সামৰি লোৱা এটা আন্তঃৰাষ্ট্ৰীয় সহযোগিতা প্ৰকল্প পৰিদৰ্শন কৰাৰো কথা আছে।

অধিক পঢ়ক

সকলো চাওক