ডাউনলোড
মোবাইল এপ

android apple
signal

November 19, 2024 12:02 PM | PM G20 Summit

printer

ফ্রান্স, ইটালী, ন’ৰৱে, পৰ্টুগাল, ইণ্ডোনেছিয়াৰ লগতে বহু দেশৰ নেতৃবৰ্গৰে প্রধানমন্ত্ৰী মোদীৰ আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-২০ শীৰ্ষ সন্মিলনৰ আপাহতে ফ্রান্স, ইটালী, ন’ৰৱে, পৰ্টুগাল আৰু ইণ্ডোনেছিয়াৰ লগতে ভালেকেইখন দেশৰ নেতৃবৰ্গৰ সৈতে ভাৰতৰ লগত থকা সম্পৰ্ক শক্তিশালী আৰু উন্নত কৰাৰ লক্ষ্যৰে আলোচনাত মিলিত হয়। শ্ৰীমোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰো সৈতে হোৱা আলোচনাত চলিত বৰ্ষত পেৰিছত অলিম্পিক আৰু পেৰালিম্পিক ক্রীড়া সমাৰোহ সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে তেওঁক অভিনন্দন জনায়। উভয় দেশে মহাকাশ, শক্তি, কৃত্রিম বুদ্ধিমত্তা আৰু ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন সম্ভাৱনামূলক খণ্ডক লৈ আলোচনা কৰা বুলি প্রধানমন্ত্রীয়ে জানিবলৈ দিয়ে। তেওঁ কয়, যে উভয় দেশৰ জনসাধাৰণৰ মাজৰ সম্পর্ক শক্তিশালী কৰিবলৈও তেওঁলোকে কাম কৰিব । প্রধানমন্ত্ৰীয়ে ইটালীৰ প্ৰধানমন্ত্রী জিঅ’ৰজিয়া মেল’নিৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয়। বৈঠকত উভয় দেশৰ মাজত থকা নিৰাপত্তা, প্ৰতিৰক্ষা, বাণিজ্য আৰু প্ৰযুক্তিৰ সম্পৰ্ক ত্বৰান্বিত কৰিবলৈ আলোচনা কৰা হয়। ভাৰত আৰু ইটালীৰ মাজত সংস্কৃতি, শিক্ষা আৰু এনেধৰণৰ খণ্ডসমূহক লৈ সহযোগিতা বৃদ্ধি কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয় বুলি শ্রীমোদীয়ে জানিবলৈ দিয়ে। আলোচনাকালত দুয়োগৰাকী নেতাই ২০২৫-২৯ বৰ্ষৰ বাবে থকা দেশ দুখনৰ মাজৰ যুটীয়া কৌশলগত সম্পর্কক অধিক উন্নত কৰাৰ বিষয়েও কথা পাতে । প্রধানমন্ত্ৰীয়ে নৰৱেৰ প্ৰধানমন্ত্ৰী জনাছ গাৰ ষ্টৰৰ সৈতেও আলোচনাত মিলিত হয়। আলোচনাকালত উদ্ভাৱন আৰু গৱেষণাক বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। শ্রীমোদীয়ে শীৰ্ষ সন্মিলনৰ আপাহতে বাণিজ্য, সুৰক্ষা, স্বাস্থ্য আদি বিষয়ত ইণ্ডোনেছিয়াৰ সৈতে থকা সম্পৰ্ক উন্নত কৰাৰ বাবে দেশখনৰ ৰাষ্ট্ৰপতি প্রাবোঅ’ ছুবিয়ান্তৰ সৈতেও দ্বিপাক্ষিক বৈঠক মিলিত হয় । প্রধানমন্ত্ৰীগৰাকীয়ে পৰ্টুগালৰ প্ৰধানমন্ত্ৰী লুইছ মণ্টেনেগ্ৰেৰ সৈতেও আলোচনা কৰে। আলোচনাকালত দুয়োগৰাকী নেতাই উভয় দেশৰ অৰ্থনৈতিক সম্পৰ্কক শক্তিশালী কৰাৰ বিষয়ে মত বিনিময় কৰে ।

অধিক পঢ়ক

সকলো চাওক