ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু ৬০০ গৰাকী বন সুৰক্ষা বাহিনীৰ জোৱানৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’বঃ মুখ্যমন্ত্ৰী

ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু ছশ গৰাকী বন সুৰক্ষা বাহিনীৰ জোৱানৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত অসম বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি কালি তেওঁ এই কথা ঘোষণা কৰে। লগতে লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন অহা অক্টোবৰ মাহত উদ্বোধন কৰা হ’ব বুলিও তেওঁ কয়। এই একাডেমীলৈ প্ৰশিক্ষণ লাভৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা জোৱানসকল আহিবলৈ আৰম্ভ কৰাত একাডেমীখন ৰাষ্ট্ৰীয় পর্যায়তো উজ্বলি উঠা বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। একাডেমীখনত ১০২ সেৱা আৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। বন ধবংস কৰিব বিচৰা লোকৰ বিৰুদ্ধে বন সুৰক্ষা বাহিনীৰ জোৱানসকলে নিষ্ঠাবান প্ৰহৰীৰ দৰে কাম কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। উল্লেখযোগ্য যে সমাৰোহত কালি ৯৮১ গৰাকী বন সুৰক্ষা বাহিনীৰ কনিষ্টবলক দীক্ষান্ত প্রমাণ-পত্ৰ প্ৰদান কৰা হয়। এই অনুষ্ঠানত পৰিবেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ দিশত দৃঢ় পদক্ষেপ গ্ৰহণৰ অংশৰূপে প্ৰথমবাৰৰ বাবে এই দীক্ষান্ত সমাৰোহৰ আয়োজন কৰা হৈছিল। বন সুৰক্ষা বাহিনীত জোৱানৰ নিযুক্তিৰ সংখ্যা ১২০ শতাংশলৈ বৃদ্ধি কৰাৰ ফলত জোৱানৰ সংখ্যা ৭৮৪ৰ পৰা ১,৭২৪ হৈছে। ইয়াৰে ৯০ গৰাকী মহিলা। আনহাতে, তৃতীয় অসম বন সুৰক্ষা বাহিনী বেটেলিয়ন সম্পূৰ্ণৰূপে নৱনিযুক্ত জোৱানেৰে গঠন কৰা হৈছে।