ভাৰতৰ পুৰুষৰ ফুটবল দলটো আজি দোহাত ২০২৬ চনৰ ফিফা বিশ্বকাপ এ এফ চি কোৱালিফায়াৰ প্রতিযোগিতাৰ এখন গুৰুত্বপূৰ্ণ খেলত এছিয়াৰ সাম্প্ৰতিক চেম্পিয়ন কাটাৰৰ মুখামুখি হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৯ বাজি ১৫ মিনিটত আৰম্ভ হ’ব। কোৱালিফায়াৰ প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হ’বৰ বাবে ভাৰতে গ্ৰুপ-এৰ শীৰ্ষ দুটা স্থানৰ যিকোনো এটা দখল কৰিব লাগিব। ইপিনে প্রতিযোগিতাৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰা দলসমূহে সমান্তৰালভাৱে ছৌদি আৰৱত হ’বলগীয়া ২০২৭ বৰ্ষৰ এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাৰ বাবেও যোগ্যতা অৰ্জন কৰিব । তাৰকা খেলুৱৈ সুনীল চেত্ৰীৰ অৱসৰৰ পাছত আজিৰ খেলখনত গলকিপাৰ গুৰপ্ৰীত সিঙে ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব। বর্তমান প্রতিযোগিতাৰ গ্ৰুপ-এত কাটাৰে ১৩ পইণ্টেৰে শীৰ্ষস্থানত আছে। দলটো ইতিমধ্যে পৰৱৰ্তী ৰাউণ্ডত নিজৰ স্থান নিশ্চিত কৰিছে। ভাৰতে বর্তমান ৫খন খেলৰ পৰা ৫ পইণ্ট অৰ্জন কৰি উন্নত গল ব্যৱধানৰ ভিত্তিত দ্বিতীয় স্থানত আছে। আফগানিস্তান আৰু কুৱেইট ক্ৰমে গ্রুপ-এত তৃতীয় আৰু চতুৰ্থ স্থানত আছে।
Site Admin | June 11, 2024 11:29 AM | FIFA Qualifier