ৰাজ্যৰ চৰকাৰী বা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত ফাৰ্মাচী বিষয়ক স্নাতক ডিগ্রী বা ফাৰ্মাচীৰ ডিপ্লমা পাঠ্যক্ৰমত শিক্ষা গ্ৰহণ কৰিবলৈ চলিত বৰ্ষৰ পৰা প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। ৰাজ্যৰ স্বাস্থ্য বিজ্ঞান সংক্রান্তীয় শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ডাঃ কৰবী বৰুৱাই এখন জাননীযোগে এই বিষয়ে প্রকাশ কৰিছে। চলিত বৰ্ষত এই দুই পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচৰাসকলে অহা ২৩ জুনত হ’বলগীয়া প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, ধুবুৰী আৰু কোকৰাঝাৰত এই পৰীক্ষা অনুষ্ঠিত হ’ব। বিশ্ববিদ্যালয় কর্তৃপক্ষই এই পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ পৰা অনলাইনযোগে আবেদন আহ্বান কৰিছে। অহা ১৪ মে’ৰ পৰা ১৯ মে’ৰ ভিতৰত নিৰ্দিষ্ট ৱেবছাইটত অনলাইন প্ৰ-পত্ৰ পোৱা যাব বুলি বিশ্ববিদ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। আবেদনৰ বাবে প্রয়োজনীয় অর্হতা তথা মাচুল আদিৰ সবিশেষ বিশ্ববিদ্যালয়ৰ ৱেবছাইটত পোৱা যাব। শিক্ষার্থীসকলে অধিক তথ্যৰ বাবে ৭৯৭৭২-৫৯৭২৮ হেল্পলাইন নম্বৰত ফোন কৰিব পাৰিব।
Site Admin | May 12, 2024 11:34 AM | Pharmacy