ফাইজান আহেমদৰ মৃতদেহ উদ্ধাৰৰ প্ৰকৃত সত্য উদঘাটনৰ বাবে চি বি আইৰ হাতত দায়িত্ব অৰ্পণৰ বাবে মমতা বেনাৰ্জীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্রযোগে আহ্বান

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আই আই টি খড়গপুৰৰ ছাত্ৰাবাসত ৰহস্যজনক পৰিস্থিতিত তিনিচুকীয়াৰ কচুজানৰ ছাত্ৰ ফাইজান আহেমদৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ প্ৰকৃত সত্য উদঘাটনৰ বাবে বিষয়টোৰ তদন্ত চি বি আইৰ হাতত অৰ্পণ কৰিবলৈ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীক পত্রযোগে আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই জৰুৰীভাৱে প্ৰেৰণ কৰা পত্ৰখনত ফাইজান আহমেদৰ অস্বাভাৱিক মৃত্যু সন্দৰ্ভত শেহতীয়াকৈ ফৰেনচিক প্রতিবেদনত বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ কথা উল্লেখ কৰি প্ৰয়াত আহমেদৰ পিতৃ-মাতৃক ন্যায় প্ৰদানৰ নিশ্চিতিৰ বাবে এই অপৰাধৰে জড়িত আন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাটো অত্যন্ত প্রয়োজনীয় বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে ২০২২ চনৰ ২০ অক্টোবৰতো পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীক মুখ্যমন্ত্রী ড০ শর্মাই ফাইজান আহমেদৰ অস্বাভাৱিক মৃত্যুৰ পুংখানুপুংখ তদন্তৰ বাবে অনুৰোধ জনাই এখন পত্ৰ প্ৰেৰণ কৰিছিল। ২০২২ চনৰ ১৪ অক্টোবৰত আই আই টি খড়গপুৰৰ ছাত্ৰাবাসৰ কোঠাত ফাইজান আহমেদৰ মৃতদেহ উদ্ধাৰ হৈছিল। আই আই টি কর্তৃপক্ষই এয়া আত্মহত্যার ঘটনা বুলি প্ৰকাশ কৰিছিল যদিও প্রয়াত ফাইজানৰ পিতৃ-মাতৃয়ে মৃতদেহত আঘাতৰ চিন দেখি হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছিল। কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি প্ৰয়াত ফাইজানৰ কবৰ খান্দি দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল। আনহাতে শেহতীয়া প্ৰকাশ পোৱা ফৰেনচিকৰ প্ৰতিবেদন অনুসৰি ফাইজানৰ ডিঙিৰ বাওঁফালে গুলীৰ আঘাত আৰু সোঁফালে ছুৰীৰ আঘাত আছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰীয়ে সমগ্ৰ ঘটনাটোৰ চি বি আইৰ তদন্তৰ পোষকতা কৰিছে।

অধিক পঢ়ক

সকলো চাওক