ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ফলপ্রসূ শাসন ব্যৱস্থাত নীতিগত সিদ্ধান্তৰ বাবে পৰিমাণ সংখ্যাগত সঁজুলি আৰু পৰিমাণগত কৌশলে এক উল্লেখযোগ্য ভূমিকা পালন কৰে বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত আই এছ এছৰ প্ৰশিক্ষণৰত এটা দলক সম্বোধন কৰি এই মন্তব্য কৰে। তেওঁ কয়, যে চৰকাৰে স্বাস্থ্য, শিক্ষা, জনসংখ্যাৰ আকাৰ আৰু নিয়োগ আদি তথ্য সংগ্ৰহৰ বাবে ৰাষ্ট্ৰীয় পৰিসংখ্যা ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। লগতে তেওঁ পৰিসংখ্যা কেৱল দক্ষ শাসন ব্যৱস্থাৰ মেৰুদণ্ডই নহয়, আৰ্থসামাজিক উন্নয়নৰ আহিলা বুলিও মন্তব্য কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে চৰকাৰক নীতি প্রণয়ন, কার্যকৰী আৰু নিৰীক্ষণৰ লগতে নীতি পর্যালোচনা আৰু ইয়াৰ প্ৰভাৱ মূল্যায়নৰ বাবে তথ্যৰ প্ৰয়োজন। চৰকাৰী আঁচনি আৰু কাৰ্যসূচীৰ নিৰপেক্ষ বুজাবুজি আৰু মূল্যায়নৰ বাবে নাগৰিকসকলকো তথ্যৰ প্ৰয়োজন বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে।
Site Admin | January 14, 2025 8:40 PM | President of india
ফলপ্রসূ শাসন ব্যৱস্থাত নীতিগত সিদ্ধান্তৰ বাবে পৰিমাণ সংখ্যাগত সঁজুলি আৰু পৰিমাণগত কৌশলৰ ভূমিকা থকাৰ কথা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ উল্লেখ
