পবিত্ৰ ভাদ মাহৰ আজি প্রথম দিন। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ ভকত-বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাদ মাহৰ আৰম্ভণি উপলক্ষে ভক্তপ্ৰাণ ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাজ্যবাসীৰ মংগল তথা শ্রীবৃদ্ধি কামনা কৰিছে। অসমৰ সমাজ জীৱনত ভাদ মাহৰ আধ্যাত্মিক গুৰুত্বৰ বিষয়ে উল্লেখ কৰি শ্ৰী সোণোৱালে মহাপুৰুষ দুজনাৰ তিথি, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আদি বিভিন্ন পালন আৰু নাম-প্ৰসংগৰে মুখৰিত পবিত্ৰ মাহটোৱে জনজীৱনলৈ ভাতৃত্ববোধ আৰু ভক্তি চেতনা কঢ়িয়াই আনে বুলি মত প্ৰকাশ কৰে ৷ বিত্তমন্ত্রী অজন্তা নেওগ, মীন মন্ত্ৰী কেশৱ মহন্ত, কৃষি মন্ত্ৰী অতুল বৰা আৰু কাজিৰঙা লোকসভা সমষ্টিৰ কামাখ্যা প্ৰসাদ তাছাই পহিলা ভাদৰ দিনটোত গোলাঘাটৰ আঠখেলীয়া নামঘৰত উপস্থিত হৈ ভকত- বৈষ্ণৱৰ সৈতে ৰাজ্যৰ উন্নতিৰ বাবে আশীৰ্বাদ লয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত আৰু বিত্তমন্ত্রী অজন্তা নেওগৰ প্ৰচেষ্টাত ২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা নামঘৰৰ মণিকূট আৰু দুমহলীয়া অতিথি গৃহৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। ইফালে, যোৰহাট জিলাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপৰীয়া নামঘৰকে ধৰি বিভিন্ন নামঘৰ আৰু সত্ৰত আজিৰেপৰা মাহজোৰা পালনাম আৰম্ভ হৈছে। ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিচালনা সমিতিয়ে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া হাজাৰ হাজাৰ ভক্তক আদৰিবলৈ নামঘৰ প্ৰাংগণ সজাই- পৰাই তুলিছে। এই উদ্দেশ্যে খোৱাপানী, গাড়ী ৰখা ঠাই আদিৰ সু-ব্যৱস্থা সুনিশ্চিত কৰাৰ লগতে জিলা প্রশাসনে নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তুলিছে। ভাদ মাহ উপলক্ষে মহানগৰীতো নামঘৰসমূহ হৰিনামৰ ধবনিৰে মুখৰিত হৈ পৰিছে। মহানগৰীৰ বিভিন্ন প্ৰান্তত থকা নামঘৰসমূহত আই মাতৃসকলে আজি মাহজোৰা নাম-কীৰ্তনৰ আৰম্ভণি কৰিছে।
Site Admin | August 18, 2024 7:27 PM | Bhada month