ডাউনলোড
মোবাইল এপ

android apple
signal

September 25, 2024 6:37 PM | Suresh Gopi Visit

printer

পৰ্যটন দপ্তৰৰ ৰাজ্য মন্ত্ৰী সুৰেশ গোপী চৰকাৰী ভ্ৰমণসূচীৰে মৰিগাঁৱত উপস্থিত

কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন দপ্তৰৰ ৰাজ্য মন্ত্ৰী সুৰেশ গোপী আজি চৰকাৰী ভ্ৰমণসূচীৰে মৰিগাঁৱত উপস্থিত হৈছে। জিলা প্ৰশাসন আৰু ভিন ভিন চৰকাৰী বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে বৈঠকত অংশগ্রহণ কৰাৰ লগতে মন্ত্ৰীগৰাকীয়ে জিলাখনত বিভিন্ন চৰকাৰী আঁচনিৰ ৰূপায়ণৰ বিষয়ে বুজ ল’ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকী জিলা আয়ুক্তকেইগৰাকীকে ধৰি প্ৰশাসনৰ প্ৰতিনিধি আৰু স্থানীয় ৰাইজে আদৰণি জনায়। শ্ৰী গোপীয়ে ইতিমধ্যে মৰিগাঁও জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডত উপস্থিত হৈ চৰকাৰী আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় বুলি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ তথা গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ ৰাজ্য মন্ত্রী বি এল বার্মাই আজি বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম পৰিদৰ্শন কৰে। ঐতিহাসিক মৈদাম ক্ষেত্ৰত উপস্থিত হোৱা মন্ত্ৰীগৰাকীক কেন্দ্ৰীয় পুৰাতত্ব আৰু প্ৰত্নতত্ব সঞ্চালকালয়ৰ তৰফৰ পৰা আদৰণি জনোৱা হয়। মন্ত্ৰী শ্ৰী বার্মাই সেই স্থানত আহোম স্বৰ্গদেউসকলৰ উপৰি পুৰুষক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰে। তেওঁ শেহতীয়াকৈ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা আহোম ৰাজত্বকালৰ মৈদামৰ গঠন, ইতিহাস, ঐতিহাসিক মূল্য তথা গুৰুত্বৰ বিষয়েও বুজ লয়। আকাশবাণীৰ চৰাইদেউৰ সংবাদদাতাই এই কথা জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক