মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্য আজি পুৱা পৰ্যটকৰ বাবে মুকলি কৰা হয়। বনমন্ত্রী চন্দ্রমোহন পাটোৱাৰী আৰু মন্ত্ৰী পীযূষ হাজৰিকাই অভয়াৰণ্যখন আনুষ্ঠানিকভাৱে মুকলি কৰে। দেশী-বিদেশী পৰ্যটকৰ বাবে এইবাৰ ২০ খন জীপ ছাফাৰী আৰু ১৩টা বিভাগীয় হাতী ছাফাৰী সাজু কৰা হৈছে। উল্লেখযোগ্য যে সম্প্রতি ১০৭টা গঁড়, ৫ শতাধিক বনৰীয়া ম’হ, সহস্রাধিক বন গাহৰিৰ উপৰি প্ৰায় ৩৮৫টা প্ৰজাতিৰ দেশী- বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণথলী হিচাপে পৰিগণিত অভয়াৰণ্যখন পৃথিৱীৰ ভিতৰতে আটাইতকৈ কম আয়তনত সৰ্বাধিক গঁড় থকা অভয়াৰণ্য। আজি অভয়াৰণ্যখন মুকলি অনুষ্ঠানত মায়ঙৰ ৰজা তৰণীকান্ত সিংহ, কেইবাগৰাকীও বন বিভাগৰ শীৰ্ষ বিষয়া আৰু স্থানীয় লোক উপস্থিত থাকে।
Site Admin | October 14, 2024 6:57 PM | Assam | Pobitora
পৰ্যটকৰ বাবে মুকলি পবিতৰা অভয়াৰণ্য
