ভাৰতৰ গুলবীৰ সিঙে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প’ৰ্টলেণ্ডত অনুষ্ঠিত প’ৰ্টলেণ্ড ট্রেক ফেষ্টিভেল হাই পাৰফৰ্মেন্স মিটাৰ পুৰুষৰ ৫ হাজাৰ মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰিছে। এছিয়ান গেমছত ব্ৰঞ্জৰ পদক বিজেতা খেলুৱৈগৰাকীয়ে কালি পুৰুষৰ ৫ হাজাৰ মিটাৰ দৌৰ সম্পূৰ্ণ কৰা দ্রুততম ভাৰতীয় খেলুৱৈৰ কৃতিত্ব অৰ্জন কৰে। খেলুৱৈগৰাকীয়ে ১৩ মিনিট আৰু ১৮ দশমিক ৯-২ ছেকেণ্ডেৰে বিগত বৰ্ষত অবিনাশ ছাবলেই স্থাপন কৰা ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে। প্ৰতিযোগিতাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দিলান জেকবছে সোণৰ পদক অৰ্জন কৰে।
Site Admin | June 11, 2024 11:23 AM | Gulveer Singh
প’ৰ্টলেণ্ড ট্রেক ফেষ্টিভেল হাই পাৰফৰ্মেন্সৰ ৫ হাজাৰ মিটাৰ দৌৰত গুলবীৰ সিঙৰ ৰূপৰ পদক
