পৰীক্ষাগৃহত প্ৰৱেশৰ পূৰ্বে চলোৱা তালাচী সন্দৰ্ভত নলবাৰীৰ এগৰাকী ছাত্ৰীয়ে উত্থাপন কৰা অভিযোগ সম্পৰ্কে অসম আৰক্ষীক তদন্তৰ নির্দেশ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি অনুষ্ঠিত অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাত নলবাৰীৰ এগৰাকী ছাত্ৰীয়ে পৰীক্ষাগৃহত প্ৰৱেশৰ পূৰ্বে চলোৱা তালাচী সন্দৰ্ভত উত্থাপন কৰা অভিযোগ সম্পৰ্কে অসম আৰক্ষীক তদন্তৰ নির্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে কয় যে এই পৰীক্ষা স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাটোৱেই চৰকাৰৰ লক্ষ্য যদিও কোনো লোকৰে মৰ্যাদা আৰু সন্মানকলৈ আপোচ কৰা নহ’ব। বিষয়টো চিন্তনীয় হোৱা হেতুকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ সৈতে আলোচনা কৰি ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, নৱ-প্ৰজন্মৰ কল্যাণৰ হকে এই পৰীক্ষা নিকা ৰূপত আৰু স্বচ্ছতাৰে আয়োজন কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ অনিয়মক প্রশ্রয় দিয়া নহ’ব। একে সময়তে মহিলা প্রার্থীৰ শালীনতা, মর্যাদা ৰক্ষা নিশ্চিত কৰাটোও চৰকাৰৰ অন্যতম লক্ষ্য বুলি মুখ্যমন্ত্রীয়ে প্ৰকাশ কৰে। মহিলাৰ সৈতে জড়িত তালাচী চলোৱা সন্দৰ্ভত আদালতে দিয়া প্ৰাসংগিক ৰায় আৰু মহিলা আয়োগৰ নিৰ্দেশনা অনুসৰি পৰৱৰ্তী পৰীক্ষাৰ পূৰ্বে এটা মানসন্মত বিধি প্ৰস্তুত কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ইপিনে, উত্তৰ লখিমপুৰত পৰীক্ষাৰ পূৰ্বে চলোৱা তালাচীৰ সময়ত এগৰাকী পৰীক্ষাৰ্থীৰ অন্তৰ্বাসৰ ভিতৰৰ পৰা নকলৰ সামগ্ৰী উদ্ধাৰ কৰা বুলিও জানিব পৰা গৈছে। আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে মুখ্যমন্ত্ৰীৰ এই নির্দেশ সন্দৰ্ভত ইতিমধ্যে তদন্তৰ ঘোষণা কৰা হৈছে বুলি প্ৰকাশ কৰাৰ লগতে তালাচী সন্দৰ্ভত পৰৱৰ্তী পৰীক্ষাৰ পূৰ্বে নীতি-নিৰ্দেশনা জাৰি কৰা হ’ব বুলিও জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক