ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ NHAIএ আজি নতুন দিল্লীত পৰিৱেশ অনুকূল প্রশমন ব্যৱস্থাকে ধৰি পৰিৱেশ আৰু অৰণ্য ৰক্ষা বিষয়ক এখন দিনজোৰা ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰিছে। এই কৰ্মশালাৰ উদ্দেশ্য হৈছে – পৰিৱেশ অনুকূল ব্যৱস্থা প্ৰয়োগেৰে দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বাবে সবল ভেঁটি স্থাপন কৰা। কৰ্মশালাত সমগ্ৰ দেশতে পৰিৱেশ অনুকূল ঘাইপথ আন্তঃগাঁথনি তৈয়াৰ কৰাৰ বাবে প্রশমন ৰণনীতি বিষয়ক বিভিন্ন বিষয় লৈ আলোচনা কৰা হৈছে। এই উপলক্ষে দিয়া ভাষণত NHAIৰ অধ্যক্ষ সন্তোষ কুমাৰ যাদৱে বহনক্ষম আন্তঃগাঁথনি তৈয়াৰ কৰাৰ বাবে প্ৰাধিকৰণৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰি বন্যপ্ৰাণীৰ বিচৰণভূমি, অমৃত সৰোবৰ, গছপুলি ৰোপণ অভিযানৰ লগতে সেউজ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত পেলনীয়া সামগ্ৰী ব্যৱহাৰৰ লেখিয়া উদ্যমসমূহত আলোকপাত কৰে। কৰ্মশালাৰ মূল ভাষণ প্ৰদান কৰি বন বিভাগৰ সঞ্চালক প্ৰধান জিতেন্দ্ৰ কুমাৰে বিভাগসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰে পৰিকল্পনা প্ৰক্ৰিয়া আগুৱাই নিয়াৰ গুৰুত্ব সন্দৰ্ভত বক্তব্য আগবঢ়ায়। ইপিনে, পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ সচিব অনুৰাগ জৈনে সবিশেষ প্রকল্প প্রতিবেদন তৈয়াৰ কৰাৰ লগতে সমগ্ৰ দেশতে বহনক্ষম আন্তঃগাঁথনি বিকাশৰ উদ্দেশ্যে প্রধানমন্ত্ৰী গতিশক্তিৰ পৰিকাঠামো ব্যৱহাৰ কৰি সমন্বিত পদক্ষেপ গ্ৰহণৰ প্ৰয়োজন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় তথা পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ কেইবাগৰাকীয়ো বিষয়া আৰু অংশীদাৰে এই কৰ্মশালাত অংশগ্ৰহণ কৰে।
Site Admin | April 15, 2024 8:00 PM | NHAI