ডাউনলোড
মোবাইল এপ

android apple
signal

April 14, 2025 7:48 PM | Assam Police

printer

পৰিবহন আইন উলংঘা কৰি চলাচল কৰা ডাম্পাৰসমূহৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ কঠোৰ ব্যৱস্থা

গুৱাহাটী মহানগৰীত পৰিবহন আইন উলংঘা কৰি চলাচল কৰা ডাম্পাৰসমূহৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মহানগৰীখনত পথ সুৰক্ষা নিশ্চিত কৰাৰ লগতে যান-বাহন আইন কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ আইন উলংঘাকাৰী চালকসকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে তালাচী অভিযান তীব্ৰ কৰি তোলা হৈছে। আৰক্ষীয়ে কালি পৰ্যন্ত কমেও ৯৪ খন ডাম্পাৰ নিৰীক্ষণ কৰাৰ লগতে ১৭টা আইন উলংঘনকাৰী কাৰ্য চিনাক্ত কৰে। আৰক্ষীয়ে এই অভিযানৰ পাছত এজাহাৰ দাখিল নকৰাকৈয়ে ছটা গোচৰ আদালতলৈ প্ৰেৰণ কৰিছে। তদুপৰি ছখন ই-চালান জাৰি কৰা হৈছে, তিনিখন বাহন জব্দ কৰা হৈছে আৰু দুজন ডাম্পাৰ চালকৰ অনুজ্ঞা বাতিল কৰা হৈছে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে এই অভিযান অব্যাহত ৰাখিব আৰু আইন উলংঘাকাৰী ডাম্পাৰ চালকক ৰেহাই দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে।

অধিক পঢ়ক

সকলো চাওক