ডাউনলোড
মোবাইল এপ

android apple
signal

February 22, 2025 11:33 AM | PM Assam Visit

printer

পৰহিলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ অসমৰ চাহৰ ২০০ বছৰীয়া ঐতিহ্য উদযাপনৰ উদ্দেশ্যে হ’বলগীয়া ঝুমইৰ বিনন্দিনী শীৰ্ষক অনুষ্ঠান উপভোগ কৰাৰ বাবে গুৱাহাটীলৈ আহিব। সেইদিনাই তেওঁ দুখন জনগোষ্ঠীয় প্রদর্শনীতো ভাগ ল’ব। প্রধানমন্ত্ৰীয়ে ২৫ ফেব্ৰুৱাৰীত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিব। প্ৰধানমন্ত্রী আদৰাৰ বাবে অসম চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যখনৰ বিভিন্ন সাংস্কৃতিক দলসমূহে অসমৰ বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনেৰে প্ৰধানমন্ত্ৰীগৰাকীক লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনাব। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি বিমানবন্দৰত প্ৰস্তুতিৰ পৰ্যবেক্ষণ কৰাৰ লগতে যাৱতীয় নির্দেশনাও দিয়ে।

অধিক পঢ়ক

সকলো চাওক