■ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা পৰম্পৰাগত ৰীতি-নীতিৰে দৌল উৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। পৰস্পৰক আবিৰৰ ৰং সানি ফাকুৱা উদযাপন কৰিবলৈও সকলো সাজু হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে দৌল উৎসৱক কেন্দ্ৰ কৰি উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। বৰপেটা সত্ৰত আজি সন্ধিয়া গন্ধযাত্ৰাৰে দৌল মহোৎসৱৰ শুভাৰম্ভ কৰা হ’ব। বৰপেটাৰ পাটবাউসী, গনককুছি, সুন্দৰীদিয়া আৰু বাৰাদি সত্ৰতো দৌল মহোৎসৱ উপলক্ষে উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে বৰপেটাৰ আকাশ-বতাহ মুখৰ হৈ উঠিছে। ওড়িশাৰ পৰা হোলী গীতৰ দল, মণিপুৰী সাংস্কৃতিক দল, আদিবাসী সাংস্কৃতিক দলৰ লগতে বিভিন্ন শিল্পীৰ গীত পৰিৱেশেনেৰে সত্ৰ নগৰীখন প্ৰাণ চঞ্চল হৈ উঠিছে।
উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীদৌল গোবিন্দ মন্দিৰত আধ্যাত্মিক পৰম্পৰা আৰু ৰীতি-নীতিৰে দৌল উৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। আজি সন্ধিয়া মেষদাহ পৰ্বৰে এই উৎসৱৰ আৰম্ভণি হ’ব। ১৭ মাৰ্চত উৎসৱৰ সামৰণি পৰিব।
মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনাআটী সত্ৰ, চামগুৰি সত্ৰকে ধৰি কেইবাখনো সত্ৰত আজিৰে পৰা ফল্গুৎসৱৰ আয়োজন কৰা হৈছে। মুখাশিল্পৰ বাবে বিশ্বখ্যাত চামগুৰি সত্ৰত চাৰিদিনীয়াকৈ দৌল উৎসৱৰ আয়োজন কৰা হৈছে। উৎসৱৰ অংশ হিচাপে নাম কীৰ্তন, ফাকুৱাৰ গীত-মাত আৰু ভাওনা পৰিৱেশন কৰা হ’ব।
কোচবিহাৰৰ ইতিহাস প্রসিদ্ধ মধুপুৰ সত্ৰত আজিৰে পৰা তিনিদিনীয়াকৈ দৌল উৎসৱ পালন কৰা হ’ব। আজি গন্ধযাত্ৰাৰ লগতে সত্ৰৰ চৌহদত সাজি উলিওৱা ভেলাঘৰত অগ্নিসংযোগ কৰি ৰাইজৰ মংগল কামনা কৰা হ’ব। কাইলৈ গোসাঁইৰ সন্মুখত নাম প্ৰসংগ আৰু পৰিহলৈ গোসাঁইক লৈ শোভাযাত্ৰা কৰা হ’ব।
ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে গোৱালপাৰাতো বিস্তৃত কাৰ্যসূচীৰে দৌল উৎসৱ উদযাপনৰ প্ৰস্তুতি চলাই থকা হৈছে। ৰংজুলিৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীৰামচন্দ্ৰ বিগ্ৰহ দেৱালয়ত আজিৰে পৰা ৫ দিনীয়া কাৰ্যসূচীৰে এই উৎসৱ অনুষ্ঠিত হ’ব।
তামুলপুৰ জিলাৰ পুনীয়া শ্যামৰায় সত্ৰৰ লগতে জিলাখনৰ কেইবাখনো সত্ৰ আৰু অন্যান্য স্থানত আজিৰে পৰা আয়োজিত দৌল উৎসৱৰ বাবে সত্ৰসমূহ সজাই-পৰাই তোলা হৈছে। শ্যামৰায় সত্ৰ উদযাপন সমিতিয়ে আজিৰে পৰা তিনিদিনীয়াকৈ এই উৎসৱ পালন কৰিব।
Site Admin | March 13, 2025 11:20 AM | Akashvani News | Assam Festival | Barpeta | Dol Yatra | holi assam
পৰম্পৰাগত ৰীতি-নীতিৰে আজিৰে পৰা দৌল উৎসৱ উদযাপনৰ প্ৰস্তুতি
