অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ চাইবাৰ শাখাই চাইবাৰ প্ৰৱঞ্চনা ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে জনসাধাৰণক সজাগ কৰাৰ বাবে এখন বিজ্ঞপ্তি প্রকাশ কৰিছে। বিজ্ঞপ্তি অনুসৰি কোনো ধৰণৰ প্রলোভন বা কমিচনৰ আশাত নিজৰ বেংক একাউণ্ট অন্য কোনো ব্যক্তিক ব্যৱহাৰ কৰিবলৈ দিয়াৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। তেনে কৰিলে সেই লোকজনকো চাইবাৰ অপৰাধী হিচাপে গণ্য কৰা হব। যদি কোনো বেংকৰ কৰ্মীয়ে চাইবাৰ অপৰাধৰ সৈতে জড়িত সন্দেহজনক একাউণ্ট খোলাত সহায় কৰে তেন্তে তেনে বেংকৰ কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা লোৱা হব বুলি কোৱা হৈছে। অসম আৰক্ষীয়ে কষ্টৰে উপাৰ্জন কৰা ধন প্ৰৱঞ্চকৰ দ্বাৰা যাতে হেৰুওৱাবলগীয়া নহয় তাৰ বাবে সকলোকে সজাগ হৈ থকাৰ উপৰি অসম আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
Site Admin | November 6, 2024 1:21 PM | Assam Police | Cyber crime | DGP (Cyber) Assam Police