উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আজি পুহ মাহৰ পূৰ্ণিমা তিথিৰ দিনা অমৃত স্নান ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া এই কুম্ভমেলাত অংশগ্ৰহণ কৰিবলৈ দেশৰ লাখ লাখ ভক্ত উপস্থিত হৈছে। চৰকাৰেও নিঃশ্চিদ্ৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ২৬ দৰ্শনাৰ্থী প্ৰয়াগৰাজত এই মহাকুম্ভ ২০২৫ চনৰ বিশ্বৰ সৰ্ববৃহৎ সাংস্কৃতিক আৰু আধ্যাত্মিক সমাৱেশ হ’ব। এই সমাৱেশত ৪৫ কোটিৰো অধিক ভক্তই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ভাৰতীয় ৰে’ল বিভাগেও এই মহাকুম্ভৰ বাবে ৩০০ খন বিশেষ ৰে’লকে ধৰি ১০ হাজাৰৰো অধিক ৰে’লগাড়ী চলাচল কৰোৱাৰ ব্যৱস্থা কৰিছে।
ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি কয়, যে ভক্তসকলৰ সুবিধার্থে ৰে’ল বিভাগে আন্তঃগাঁথনি, নতুন প্লেটফৰ্ম, ৰে’লপথৰ দ্বৈতকৰণ আৰু অন্যান্য সুবিধা প্ৰদান কৰিবৰ বাবে বিগত ৩ বছৰত ৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰয়াগৰাজ জংচনত এটা বিশেষ নিয়ন্ত্রণ কক্ষ স্থাপন কৰা হৈছে। এই নিয়ন্ত্ৰণ কক্ষৰ দ্বাৰা ২৪ ঘণ্টাই সকলোবোৰ ৰে’লগাড়ীৰ চলাচল নিৰীক্ষণ কৰা হ’ব।
এই মেলাত অংশগ্ৰহণ কৰিবলগীয়া তীর্থযাত্ৰীসকলৰ সুবিধাৰ অৰ্থে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সাংস্কৃতিক মন্ত্ৰালয়ে দেশৰ চহকী আৰু প্ৰাণবন্ত সংস্কৃতিক তুলি ধৰাৰ বাবে প্ৰয়াগৰাজত কলাগ্ৰামৰ আয়োজন কৰিছে।
Site Admin | January 13, 2025 10:34 AM | Mahakumbha
প্ৰয়াগৰাজৰ কুম্ভমেলাত দেশৰ লাখ লাখ ভক্তৰ অংশগ্ৰহণ
