তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে ২০১৯ চনৰ পৰা বৰ্তমানলৈ মুঠ ৯,৯২২টা বাৰ্তাক ভুৱা বাতৰি হিচাপে চিহ্নিত কৰি সেইবোৰ উৎখাত কৰিছে। তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ এল মুৰুগানে আজি ৰাজ্যসভাত এটা পৰিপুৰক প্ৰশ্নৰ উত্তৰত এই কথা প্রকাশ কৰে। ২০১৯ চনত ব্যুৰোৰ তথ্য পৰীক্ষণ গোটটো প্ৰতিষ্ঠা কৰা হৈছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দিল্লীত স্থাপন কৰা এই গোটটোৰ আঞ্চলিক ভিত্তিৰ কোনো শাখা স্থাপন বিষয়ে সম্প্ৰতি পৰিকল্পনা কৰা হোৱা নাই। ভুৱা বাতৰি সন্দৰ্ভত উত্থাপিত আন এটা প্ৰশ্নৰ উত্তৰত তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে চৰকাৰৰ সৈতে সম্পর্কিত যিকোনো বিষয়ৰ শুদ্ধতাৰ বিষয়টো কেৱল চৰকাৰেহে নিশ্চিত কৰিব পাৰে। তথ্য পৰীক্ষণৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ সৈতে সম্পর্কিত বুলিও তেওঁ লগতে প্ৰকাশ কৰে। আনহাতে ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি অভিহিত কৰি ইয়াক গণতন্ত্ৰৰ প্ৰয়োজনীয় সম্পদ হিচাপে আখ্যা দিয়ে।
Site Admin | August 2, 2024 3:11 PM | Fact Check News | PIB | Press Information Bureau