প্ৰায় ২০০টা ক্ষেপণাস্ত্র নিক্ষেপেৰে ইজৰাইলৰ বিৰুদ্ধে ইৰাণৰ প্রত্যক্ষ আক্রমণ

ইৰাণে যোৱা নিশা ইজৰাইলৰ বিৰুদ্ধে প্রত্যক্ষ আক্রমণ সংঘটিত কৰি প্ৰায় ২০০টা ক্ষেপণাস্ত্র নিক্ষেপ কৰাৰ ফলত অঞ্চলটোত যুদ্ধসদৃশ পৰিৱেশৰ সূচনা হয়। এই আক্ৰমণত ইজৰাইলৰ সংশ্লিষ্ট অঞ্চলৰ জনসাধাৰণ আতংকগ্ৰস্ত হৈ পৰাৰ লগতে তেওঁলোকে ততাতৈয়াকৈ নিৰাপদ স্থানত আশ্ৰয় ল’বলগীয়া হয়। ইৰাণে হিজবুল্লা আৰু হামাছৰ বিষয়ববীয়াৰ শেহতীয়া হত্যাকাণ্ডৰ প্ৰত্যুত্তৰ হিচাপে এই আক্রমণ সংঘটিত কৰা বুলি দাবী কৰিছে।
ইজৰাইলৰ সেনাবাহিনীৰ ৰেডিঅ’ত প্ৰকাশ পোৱা মতে ইজৰাইলে নিক্ষেপ কৰা প্ৰায় ১৮০টা ক্ষেপণাস্ত্ৰৰ অধিকাংশকেই আর্টবার্টতে নিষ্ক্রিয় কৰি পেলোৱা হয়। যোৱা নিশা সংঘটিত ইৰাণৰ এই আক্ৰমণৰ ফলত কোনো লোক হতাহত হোৱা নাই বুলি দাবী কৰি ইজৰাইলৰ সেনাবাহিনীৰ এগৰাকী মুখপাত্রই কয় যে, সম্প্ৰতি ইজৰাইলৰ আকাশত কোনোধৰণৰ আক্ৰমণৰ ভাবুকি পৰিলক্ষিত হোৱা নাই। ইজৰাইলী বায়ুসেনা বাহিনী শক্তিশালী আক্রমণাত্মক স্থিতিৰে প্ৰস্তুত হৈ থকা বুলিও তেওঁ লগতে জানিবলৈ দিয়ে।
আনহাতে ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতান্যাহুৱে যোৱা নিশা আক্ৰমণৰ ঘটনাটোৰ জৰিয়তে এটা গুৰুতৰ ভুল কৰা বুলি উল্লেখ কৰি ইয়াৰ বাবে মূল্য ভৰিব লাগিব বুলি তেহৰাণক সকীয়াই দিয়ে। দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়েও বিগত বৰ্ষৰ ঘটনাৱলীৰ পৰা ইৰাণে কোনোধৰণৰ শিকনি গ্ৰহণ নকৰিলে বুলি প্ৰকাশ কৰে। ইপিনে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ প্ৰশাসনে ইজৰাইলৰ প্ৰতি সমর্থন অব্যাহত ৰখাৰ অংগীকাৰ কৰাৰ লগতে তেওঁলোকৰ মিত্ৰদেশখনৰ বিৰুদ্ধে আক্ৰমণ সংঘটিত কৰাৰ বাবে ইৰাণে গুৰুতৰ ফল ভূগিব লাগিব বুলি সকীয়াই দিয়ে।

অধিক পঢ়ক

সকলো চাওক