ডাউনলোড
মোবাইল এপ

android apple
signal

প্ৰাণৱন্ত গ্রাম কাৰ্যসূচী দ্বিতীয় আৰু ৪টা কেইবাশৰীয়া ৰে’লপথৰ প্ৰকল্পত অনুমোদন জনোৱাৰ কেবিনেটৰ সিদ্ধান্তক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাণৱন্ত গ্রাম কাৰ্যসূচী দ্বিতীয় আৰু চাৰিটা কেইবাশৰীয়া ৰে’লপথৰ প্ৰকল্পত অনুমোদন জনোৱাৰ কেবিনেটৰ সিদ্ধান্তক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এলানি বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই ৰে’ললাইনৰ প্ৰকল্পৰ জৰিয়তে দেশৰ যোগাযোগ আন্তঃগাঁথনিৰ উন্নত হোৱাৰ লগতে যোগান শৃংখল শক্তিশালী হোৱাৰ উপৰি ৰচদ-পাতি সৰবৰাহৰ ব্যয় হ্ৰাস হ’ব আৰু সূচলতা বৃদ্ধি হ’ব। শ্রীমোদীয়ে কয যে সীমান্ত গাওঁসমূহৰ বাসিন্দাসকলৰ জীৱনশৈলী ত্বৰান্বিত হোৱাটো সুনিশ্চিত কৰাৰ বাবে প্রাণৱন্ত গ্রাম কাৰ্যসূচী দ্বিতীয়ত কেবিনেটে অনুমোদন জনোৱাটো এটা ইতিবাচক পদক্ষেপ। তেওঁ কয় যে এই অনুমোদনৰ জৰিয়তে প্ৰথম প্ৰাণৱন্ত গ্রাম কাৰ্যসূচীৰ তুলনাত এইবেলি অধিক সংখ্যক গাঁৱক সামৰি লোৱাৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্রীয় কেবিনেটে কালি ১৮ হাজাৰ ৬৫৮ কোটি টকা ব্যয় সাপেক্ষে ৰে’ল মন্ত্ৰ্যালয়ৰ চাৰিটা কেইবাশৰীয়া ৰে’ল প্ৰকল্পত অনুমোদন জনায়। এই প্ৰকল্পৰ অধীনত উড়িশা, চত্তিশগড় আৰু মহাৰাষ্ট্ৰৰ ১৫খন জিলাক সামৰি লোৱা হৈছে। ইয়াৰ জৰিয়তে ভাৰতীয় ৰে’লৰ নেটৱৰ্ক এহেজাৰ ২৪৭ কিলোমিটাৰ বৃদ্ধি হ’ব। প্ৰাণৱন্ত গ্রাম কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ৰ বাবে ৬ হজাৰ ৮৩৯ কোটি টকা ধাৰ্য কৰা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে সমৃদ্ধ আৰু নিৰাপদ সীমান্ত সুনিশ্চিত কৰাৰ উদ্দেশ্যে উন্নত জীৱনশৈলী তথা জীৱনধাৰণৰ যথেষ্ট সুবিধা আগবঢ়োৱাৰ পৰিকল্পনা কৰা হৈছে। তদুপৰি এই কাৰ্যসূচীয়ে পৰ্যটন খণ্ডৰ প্ৰগতি ত্বৰান্বিত কৰাৰ লগতে এই গাওঁসমূহৰ স্থানীয় সংস্কৃতি তথা ঐতিহ্যৰ সংবর্ধনত সহায় কৰিব।

অধিক পঢ়ক

সকলো চাওক