দেশৰ প্ৰাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ জয়ন্তী উপলক্ষে আজি সমগ্র দেশতে সু-শাসন দিৱস পালন কৰা হৈছে। এই দিৱসৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য প্ৰদেশ ভ্ৰমণ কৰি খাজুৰাহোত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে ৰাষ্ট্ৰীয় দৃষ্টিভংগী পৰিকল্পনাৰ অধীনত দেশৰ প্ৰথমটো আন্তঃসংযোগ প্রকল্প কেন-বেট্া নদী সংযোগী ৰাষ্ট্ৰীয় প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ।
ভাৰত ৰত্নৰে সন্মানিত ৰাজনীতিবিদগৰাকীক শ্রদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে অসমতো ৰাজ্য চৰকাৰৰ উদ্যোগত সু-শাসন দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সেই অনুসৰি মহানগৰীৰ আদাবাৰীত থকা অটল উদ্যানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই অটল স্মৃতি মূৰ্তি আৰু দ্বাৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বাজপেয়ীৰ জীৱন আৰু কৰ্মৰাজি তথা দেশৰ প্ৰতি তেওঁৰ অৱদানৰ বিষয়বস্তুক লৈ এখন প্ৰদৰ্শনী মুকলি কৰে। ড° শৰ্মাই ইয়াৰ পূৰ্বে পুৱাৰ ভাগত বেলতলাৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত সু-শাসন দিৱসৰ আন এটা কাৰ্যসূচীত অংশ লয়।
Site Admin | December 25, 2024 12:35 PM | Assam CM tribute to Atal Ji