প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভার্চুৱেল ব্যৱস্থাৰে দেশৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ জীৱন আৰু কৰ্ম সামৰি ৰচনা কৰা তিনিখন গ্ৰন্থ উন্মোচন কৰে। শ্ৰীনাইডুৰ ৭৫ বছৰীয়া জন্মদিনৰ সৈতে সংগতি ৰাখি এই গ্রন্থ তিনিখন উন্মোচন কৰা হয়। হায়দৰাবাদৰ গাছিবউলিৰ অন্বয়া প্ৰক্ষাগৃহত এই উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। গ্রন্থকেইখন উন্মোচন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভেংকয়া নাইডুৱে কাইলৈ ৭৫ বছৰ সম্পূৰ্ণ কৰিব। এই ৭৫ বছৰত তেওঁ দেশৰ ৰাজনীতিৰ বহু উত্থান-পতনৰ সাক্ষী হৈছে। উল্লেখযোগ্য যে, আজি উন্মোচন কৰা এখন গ্ৰন্থ হৈছে ভেংকায়া নাইডুৰ আত্মজীৱনীমূলক গ্রন্থ। তিনিওখন গ্রন্থ মুকলি কৰি প্রধানমন্ত্ৰীগৰাকীয়ে আনন্দ প্ৰকাশ কৰি কয় যে, এই গ্ৰন্থসমূহ জাতিৰ বাবে পথেয় হৈ ৰোৱাৰ লগতে জনসাধাৰণৰ বাবে প্ৰেৰণাৰ উৎস হ’ব।
Site Admin | June 30, 2024 7:40 PM | PM Modi to release three books on life and journey of M Venkaiah Naidu