প্ৰসিদ্ধ ক্রিকেট খেলুৱৈ তথা প্ৰশিক্ষক অংশুমান গায়কোৱাডৰ দেহাৱসান

ভাৰতৰ প্ৰসিদ্ধ ক্রিকেট খেলুৱৈ তথা প্ৰশিক্ষক অংশুমান গায়কোৱাডৰ যোৱানিশা ৭১ বছৰ বয়সত দেহাৱসান ঘটে। খেলুৱৈগৰাকীয়ে ১৯৭৫ চনৰ পৰা ১৯৮৭ চনৰ সময়চোৱাত ভাৰতৰ হৈ ৪০ খন টেষ্ট আৰু ১৫ খন এদিনীয়া খেলত ভাগ লোৱাৰ উপৰি বৰোদাৰ হৈ ২০৬ খন প্ৰথম শ্ৰেণীৰ খেল খেলিছিল। বৰোদা ক্রিকেট সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়া স্নেহল পাৰিখে জনোৱা অনুসৰি তেজৰ কৰ্কট ৰোগত আক্ৰান্ত খেলুৱৈগৰাকীয়ে যোৱানিশা প্ৰায় ১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। প্ৰয়াত গায়কোৱাডে কিংবদন্তি খেলুৱৈ সুনীল গাভাস্কাৰৰ সৈতে টেষ্ট মেচত দীৰ্ঘদিন ধৰি দেশৰ হৈ বেটিং মুকলি কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ দলৰ নিৰ্বাচক হিচাপে কাম কৰে আৰু ১৯৯৭ চনৰ অক্টোবৰৰ পৰা ১৯৯৯ চনৰ ছেপ্টেম্বৰ পৰ্যন্ত ভাৰতীয় ক্রিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁক ২০১৭-১৮ বৰ্ষৰ বাবে চি কে নায়ুডু জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হৈছিল। প্রয়াত গায়কোৱাডে কপিলদেৱ আৰু শান্তা ৰংগস্বামীৰ সৈতে ক্রিকেট পৰামৰ্শদাতা কমিটিৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতৰ হৈ ১১খন টেষ্ট খেলা তেওঁৰ পিতৃ দত্ত গায়কোৱাডৰো বিগত ফেব্ৰুৱাৰীত বৰোদাত মৃত্যু হৈছিল।

অধিক পঢ়ক

সকলো চাওক