প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাৰ শেষকৃত আজি মুম্বাইৰ ৱলিত সম্পন্ন

প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাৰ শেষকৃত আজি মুম্বাইৰ ৱলিত সম্পন্ন কৰা হয়। ইয়াৰ পূৰ্বে মুম্বাইৰ পৰিৱেশ্য কলাৰ ৰাষ্ট্ৰীয় কেন্দ্ৰ এন চি পি এ-ত অগণন লোকে প্ৰসিদ্ধ উদ্যোগপতিগৰাকীলৈ শেষ শ্রদ্ধা নিবেদন কৰে। কালি মুম্বাইৰ এখন এখন ব্যক্তিগত হাস্পতালত ৮৬ বছৰ বয়সত ৰতন টাটাই শেষ নিশ্বাস ত্যাগ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰতন টাটাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় চৰকাৰৰ হৈ ৰতন টাটাৰ অন্ত্যেষ্টিক্রিয়াত অংশগ্ৰহণ কৰে।
২০১২ চনৰ ২৯ ডিচেম্বৰত ৰতন টাটাক টাটা ছন্স, টাটা ইণ্ডাষ্ট্রিজ, টাটা মটৰছ, টাটা ষ্টিল আৰু টাটা কেমিকেলছৰ আজীৱন অধ্যক্ষৰ উপাধিৰে সন্মানিত কৰা হৈছিল। ভাৰতৰ সবাতোকৈ প্ৰসিদ্ধ উদ্যোগপতিসকলৰ অন্যতম ৰতন টাটাই ২ দশকৰো অধিক সময় ধৰি টাটা ছন্সৰ অধ্যক্ষ হিচাপে কাম কৰিছিল। তেওঁ টাটা ন্যাসৰ জৰিয়তে লোকহিতৈষী অনেক কামত ভাগ লৈছিল। তেওঁক ২০০০ চনত পদ্মভূষণ আৰু ২০০৮ চনত পদ্মবিভূষণ সন্মানেৰে বিভূষিত কৰা হৈছিল৷

অধিক পঢ়ক

সকলো চাওক