দুদিনীয়া ভ্রমণসূচীৰে কালি কুৱেইটত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি দেশখনৰ সৰ্বোচ্চ সন্মান দ্যা অৰ্ডাৰ অব মুবাৰক অল-কবিৰেৰে সন্মানিত কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে এয়া বহিঃৰাষ্ট্রৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে লাভ কৰা বিংশ সন্মান। কুৱেইটে আগবঢ়োৱা এই সন্মান বিভিন্ন ৰাষ্ট্ৰৰ মুৰববী, বিদেশী প্ৰতিনিধি আৰু বিদেশৰ ৰাজ পৰিয়ালৰ সদস্যলৈ বন্ধুত্বৰ চিন স্বৰূপে আগবঢ়োৱা হয়। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে এই সন্মান ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিন্টন, জর্জ বুশ্ব আৰু ব্ৰিটেইনৰ ৰাজকুমাৰ চাৰ্লছলৈ আগবঢ়োৱা হৈছিল। উল্লেখযোগ্য যে, চাৰি দশকৰো অধিক কাল পাছত অর্থাৎ ১৯৮০ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শ্ৰী মোদী দেশখনত উপস্থিত হৈছে। অর্থনৈতিক দিশত আধুনিকীকৰণ আৰু বৈচিত্ৰৰে সামগ্ৰিকভাৱে অগ্রগতি লাভ কৰা উপ-সাগৰীয় ৰাষ্ট্ৰ কুৱেইটৰ সৈতে ভাৰতৰ শক্তিশালী সহযোগিতাৰ সম্পৰ্ক আছে। প্রধানমন্ত্ৰীগৰাকীৰ এই ভ্রমণে এই পাৰস্পৰিক সহযোগিতা অধিক সুদৃঢ় কৰিব বুলি আশা কৰা গৈছে । উল্লেখযোগ্য যে ভাৰতৰ আৰু কুৱেইটৰ মাজত ২০২৩-২৪ বিত্তীয় বৰ্ষত দ্বিপাক্ষিক বাণিজ্য ১০ বিলিয়ন ডলাৰৰো অধিক হৈছেগৈ।
Site Admin | December 22, 2024 8:02 PM | Kuwait bestows its highest honour | The Order of Mubarak Al Kabeer | to PM Modi