প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ যাত্ৰাৰ আৰৰ শক্তি হ’বলৈ আহ্বান জনাইছে। তেওঁ লগতে অবধাৰণা বিনিময়ৰ বাবে যুৱক-যুৱতীসকলক এখন মঞ্চ প্ৰদানৰ উদ্দেশ্যে অহা মাহত বিকশিত ভাৰত যুৱ নেতা আলোচনা অনুষ্ঠিত হ’ব বুলি প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কালি বিয়লি ভার্চুৱেল ব্যৱস্থাৰে বোছাছনৱাসী অক্ষৰ পুৰুষোত্তম স্বামী নাৰায়ণ বি এ পি এছ সংস্থাৰ স্বেচ্ছাসেৱক সকলৰ সন্মানৰ্থে আহমেদাবাদত আয়োজিত কাৰ্যকাৰ স্বৰ্ণ মহোৎসৱ সম্বোধন কৰি এইদৰে আহ্বান জনায়। শ্রী মোদীয়ে কয়, যে নাগৰিকসকলে স্বচ্ছ ভাৰত অভিযান, প্রাকৃতিক কৃষি অভিযান, পৰিৱেশ সজাগতা, কন্যা শিশুৰ শিক্ষা আৰু জনজাতিয় কল্যাণৰ দৰে ক্ষেত্ৰসমূহৰ মাধ্যমেৰে ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াত অংশ লৈছে। প্রধানমন্ত্রীয়ে কয়, যে তেওঁ সকলো বি এ পি এছ স্বেচ্ছাসেৱকে ৰসায়নমুক্ত কৃষি, বৈচিত্ৰ্যৰ মাজত একতাৰ উদযাপন, মাদক দ্ৰব্যৰ বিভিষিকাৰ বিৰুদ্ধে যুঁজ দিয়া আৰু নৈসমূহৰ পুনৰুজ্জীৱিতকৰণৰ নামত এটা বছৰ উৎসৰ্গা কৰাৰ দৰে বছৰি এটা সংকল্প গ্ৰহণ কৰাটো বিচাৰে। তেওঁ কয়, যে মাৰ নামত এজোপা গছ বিশ্বজুৰি জনপ্ৰিয় হৈ উঠিছে আৰু বহনক্ষম জীৱন শৈলীৰ প্ৰসাৰৰ এই অভিযানে উন্নয়নৰ প্ৰতি দেশৰ যাত্ৰা অধিক শক্তিশালী কৰি তুলিব। শ্রী মোদীয়ে লগতে ভূজৰ ভূমিকম্প, কেৰালাৰ বান, উত্তৰাখণ্ডৰ ভূমিস্খলন আৰু কোভিড সংকটৰ সময়ত আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ বাবে স্বেচ্ছাসেৱক সকলৰ ভূয়সী প্ৰশংসা কৰে।
Site Admin | December 8, 2024 11:31 AM | PM Modi